NORTHEAST NOW (Assamese)
অসম

সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ তীব্র প্রতিক্রিয়া ‘উটমা’ৰ : দিচপুৰ থানাত এজাহাৰ দাখিল

Posted by: এন ই নাও নিউজ March 23, 2019 7:48 am
29570785_1684842904928195_6659852980181009726_n-750x375

গুৱাহাটীৰ গণেশগুৰিৰ এখন ৰেষ্টোৰাঁত বৃহস্পতিবাৰে সংঘটিত সাংবাদিক চক্ৰপাণি পৰাশৰৰ নিগ্ৰহৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহনা দিছে ইউনাইটেড টেলিভিশ্যন মিডিয়া এছ’চিয়েশ্যন, চমুকৈ উটমাই।

সন্থাৰ সভাপতি পংকজ শৰ্মাৰ সভাপতিত্বত শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক প্ৰতিবাদী সভাত সাংবাদিক নিগ্ৰহৰ এই ঘটনাৰে জড়িত দুৰ্বৃত্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্থাই চৰকাৰক আহ্বান জনাই ইয়াৰ অন্যথা অদূৰ ভৱিষ্যতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো সকীয়নি দিয়ে।

তদুপৰি, আইনৰ সুৰুঙাৰে দোষী যাতে সাৰি যাব নোৱাৰে সেই কথা লক্ষ্য ৰাখি সভাৰ অন্তত সন্থাটোৱে দিচপুৰ থানাত এখন এজাহাৰ দাখিল কৰে।

আনহাতে, সন্থাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে। সভাত সাংবাদিক পৰাশৰৰ নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ লগতে সকলো সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও সন্থাই দাবী জনোৱাৰ সিদ্ধান্ত লয়। প্ৰয়োজন সাপেক্ষে এই ক্ষেত্ৰত নতুন আইন প্ৰণয়নৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনাব সন্থাই ।

ইপিনে, প্ৰতিবাদী সভাই সাংবাদিক পৰাশৰৰ নিগ্ৰহৰ ঘটনা সন্দৰ্ভত আদালতত প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্যে উটমাৰ পক্ষৰ পৰা এজন অধিবক্তা নিয়োজিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। ‌সভাই লগতে সিদ্ধান্ত লয় যে সাংবাদিক নিগ্ৰহৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ দাবী জনাবলৈ উটমাৰ এটা সঁজাতি দলে আৰক্ষী সঞ্চালক প্ৰধানক অচিৰেই লগ কৰিব।

সাংবাদিক নিগ্ৰহৰ এনে প্ৰতিকূল সময়ত সাংবাদিক পৰাশৰ তথা সাংবাদিক সকললৈ সহমৰ্মিতা প্ৰকাশ কৰা সকলো সংস্থা তথা ব্যক্তিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে উটমাই।