NORTHEAST NOW (Assamese)
অসম

আদালতৰ সকাহ : টিকট লাভৰ পথ মসৃণ হ’ল নেকি ৰাজেন গোহাঁইৰ?

Posted by: এন ই নাও নিউজ March 25, 2019 2:28 pm
RAJEN_GOHAIN_630_630

এগৰাকী বিবাহিতা মহিলাক যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা নগাওঁ সমষ্টিৰ বিজেপি সাংসদ ৰাজেন গোহাঁইলৈ শেহতীয়াকৈ উচ্চ ন্যায়ালয়ৰ সকাহ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে থকা নিম্ন আদালতৰ নিৰ্দেশ বাতিল কৰে। যৌন কেলেংকাৰি গোচৰৰ সকাহ বিচাৰি ৰাজেন গোহাঁই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আৰু আজি গোচৰীয়া পক্ষই ভুল বুজাবুজি হোৱা বুলি উচ্চ ন্যায়ালয়ক জনোৱাৰ পিছতে উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ নিৰ্দেশ বাতিল কৰি সাংসদ গোহাঁইক সকাহ দিয়ে।

উল্লেখযোগ্য যে বিজেপিৰ সাংসদ তথা মন্ত্ৰীজনে নগাঁও জিলাৰ দেউৰী গাঁৱৰ বিজেপিৰ যুৱ মৰ্চাৰ এজন সদস্যৰ পত্নীক দীৰ্ঘদিন ধৰি যৌন নিৰ্য্যাতন চলাই আহিছিল বুলি যোৱা বৰ্ষৰ ২ আগষ্টত যুৱ মৰ্চাৰ সদস্যজনৰ পত্নীয়ে নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল।

আনহাতে মন কৰিবলগীয়া যে সাংসদ গোহাঁইয়ে আদালতত চলি থকা গোচৰটোৰ বাবেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰিছিল। নগাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ নিৰ্বাচনক লৈ বিজেপিয়ে এতিয়াও আনুষ্ঠানিকভাৱে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। ইয়াৰ মাজতে গোঁহাই পত্নীৰ নামো সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছিল।

ইফালে নগাঁওৰ বিধায়ক ৰূপক শৰ্মাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাই আহিছে। এতিয়া সাংসদ গোহাঁই আদালতৰ পৰা দোষমুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত দলে গোহাঁইৰ প্ৰাৰ্থিত্ব পুনৰ বিবেচনা কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যিহেতু দলে একমাত্ৰ নগাঁও সমষ্টিটোতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ বাকী আছে আৰু দলৰ জ্যেষ্ঠ নেতাসকলৰ মাজত ইতিমধ্যে অসন্তুষ্টি বৃদ্ধি পাইছে, তালৈ চাই গোহাঁয়ে সমষ্টিটোত প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি।