NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছেৰে বুজাবুজি? : মাত্ৰ তিনিখন আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিব এআইয়ুডিএফে

Posted by: অনির্বান পাঠক Updated by: অনির্বান পাঠক March 25, 2019 2:46 pm
58ade43c-7532-472f-bde2-4af7aae10a54

অসমত এ আই য়ু ডি এফে মাত্ৰ তিনিখন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দলৰ সিদ্ধান্ত অনুসৰি ইতিমধ্যে প্ৰকাশ কৰা তিনিটা সমষ্টি ক্ৰমে বৰপেটা, ধুবুৰী আৰু কৰিমগঞ্জতে কেৱল প্ৰতিদ্বন্দ্বিতা কৰিব।

সোমবাৰে গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰী কৰে এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।

বিজেপি যাতে কোনো কাৰণতে ক্ষমতালৈ আহিব নোৱাৰে তালৈ লক্ষ্য ৰাখি বিজেপিক প্ৰতিহত কৰিবৰ বাবেই বৰ্তমানৰ সমষ্টি কেইটাত দলটোৱে প্ৰাৰ্থী প্ৰদান কৰিছে বুলি ইছলামে সদৰী কৰে।

তদুপৰি, সাধাৰণ সম্পাদকগৰাকীয়ে বিজেপিয়ে ধৰ্মৰ ক্ষেত্ৰত ৰাজনীতি কৰি সংঘাতৰ সৃষ্টি কৰিছে বুলি অভিযোগ তুলি লগতে কয় যে গাদী ৰক্ষাৰ স্বাৰ্থত তথা ক্ষমতাৰ স্বাৰ্থত বিজেপিয়ে অসমক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে।

বিজেপিক এ আই য়ু ডি এফৰ মূল শত্ৰু বুলি উল্লেখ কৰি নেতাগৰাকীয়ে অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত কয় যে অগপই নিৰ্লজভাৱে বিজেপিৰ লগত মিত্ৰতা কৰিছে।

আনহাতে, সাধাৰণ সম্পাদক আমিনুল ইছলামে কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই বুলি জানিব দিয়ে।

অৱশ্যে, এ আই য়ু ডি এফৰ এই সিদ্ধান্তই কংগ্ৰেছৰ সৈতে দলটোৰ গোপন বুজাবুজিৰ ইংগিত বহন কৰাটোহে পৰিলক্ষিত হৈ পৰিছে।