NORTHEAST NOW (Assamese)
অসম

তেজপুৰত পৃথকে পৃথকে মনোনয়ন দাখিল কৰিলে পল্লৱ লোচন দাস আৰু এম জি ভি কে ভানুৱে

Posted by: এন ই নাও নিউজ March 25, 2019 7:30 pm
25-03-19 Tezpur- BJP candidate Pallab Lochan Das submit nomination paper (1)

তেজপুৰ লোকসভা সমষ্টিত আজি পৃথকে পৃথকে মনোনয়ন পত্ৰ দাখিল কৰে বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে।

বিজেপি আৰু অগপৰ সন্মিলীত প্ৰাৰ্থী পল্লৱ লোচন দাসে হাজাৰ হাজাৰ দলীয় সমৰ্থকৰ উপস্থিতিত সমদল কৰি আহি শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত ৰিটাৰ্ণি বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু  অসম গণ পৰিষদৰ স্থানীয় বিধায়ক বৃন্দাৱন গোস্বামী আৰু ফনীভূষণ চৌধুৰীয়ে সংগ দিয়ে বিজেপিৰ প্ৰাৰ্থী জনক।

25-03-19 Tezpur-Congress candidate MGVK Bhanu submit files nomination (8)
মনোনয়ন দাখিলৰ বাবে অহাৰ সময়ত এম জি ভি কে ভানু

আনহাতে, একেদিনাই সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৱে সহস্ৰাধিক দলীয় সমৰ্থকৰ সৈতে সমদল কৰি আহি শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ভানুক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু ৰকিবুল হুছেইনৰ লগতে অন্যান্য দলীয় নেতাসকলে।

উল্লেখযোগ্য যে, বিজেপি আৰু কংগ্ৰেছ উভয় দলৰ প্ৰাৰ্থী দুজনে মনোনয়ন দাখিলৰ পূৰ্বে তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত দলীয় সমৰ্থৰ সৈতে পূজা আগবঢ়ায়।