NORTHEAST NOW (Assamese)
অসম

ৰাহুল গান্ধীক মিছলীয়া, বিগ জিৰ’ বুলি ক’লে বিজেপিৰ অসমৰ তত্ত্বাৱধায়ক মহেন্দ্ৰ সিঙে

Posted by: অপৰ্ণা লস্কৰ March 27, 2019 11:42 am
BJP-In-charge-for-Assam-rural-development-minister-of-UP-Mahendra-Singh-along-with-other-BJP-leaders-of-Barak-valley-addressing-the-press-in-Silchar-on-Tuesday-750x375

ক্ষমতালৈ আহিলে দেশৰ দৰিদ্ৰ পৰিয়ালৰ বাবে ন্যুনতম নিশ্চিত আয় বছৰি ৭২,০০০ টকা আগবঢ়োৱাৰ কথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে ঘোষণা কৰাৰ পাছতে বিজেপিৰ নেতাসকলে ইয়াক আকৰ্ষণীয় তথা মিছা প্ৰতিশ্ৰুতিৰ বুলি অভিহিত কৰি জাঙুৰ খাই উঠিছে।

এই সন্দৰ্ভত মঙলবাৰে শিলচৰত এখন সংবাদমেলত লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ অসমৰ তত্ত্বাৱধায়ক তথা উত্তৰ প্ৰদেশ চৰকাৰৰ গ্ৰাম্য উন্নয়ন বিভাগৰ মন্ত্ৰী ড০ মহেন্দ্ৰ সিঙে ৰাহুল গান্ধীৰ মন্তব্যক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনা কৰে।

কাছাৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ আগত বক্তব্য ৰাখি ড০ মহেন্দ্ৰ সিঙে কয়, ‘’ ৰাহুল গান্ধী হৈছে বিশ্বৰ আটাইতকৈ মিছলীয়া ব্যক্তি। এইক্ষেত্ৰত যদি কোনো পুৰষ্কাৰৰ ব্যৱস্থা থাকে, মই নিশ্চিত তেওঁ স্বৰ্ণ পদক অৰ্জন কৰিব।‘’

তেওঁ লগতে কয়,’’ মই তেওঁক এটা ‘বিগ জিৰ’ বুলি কওঁ কিয়নো পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে সকলো সদস্যকে সন্মুখলৈ উলিয়াই আনিছে। নিজৰ ভোটৰ বাবে দৰিদ্ৰসকলক ব্যৱহাৰ কৰি অহা এটা ৰাজনৈতিক দলটোৱে এতিয়া অৱহেলিত শ্ৰেণীটোৰ প্ৰতি সহানুভুতি দেখুৱাটো পুতৌজনক দেখা গৈছে।‘’

মহেন্দ্ৰ সিঙে লগতে সদৰী কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গতিশীল নেতৃত্বত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশখনৰ দৰিদ্ৰ শ্ৰেণীৰ অৱস্থাৰ উত্তৰণৰ বাবে নিস্বাৰ্থভাৱে প্ৰচেষ্টা চলাইছে।

‘’কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা আৰু ৰাজ্য চৰকাৰে সুন্দৰভাৱে ৰূপায়ন কৰা বিভিন্ন আঁচনিয়ে উন্নয়নৰ বাট মুকলি কৰিছে যাৰ প্ৰতিফলন বৰ্তমান শিলচৰতো দেখা গৈছে। আগন্তুক দিনত এই ঠাইখনৰ এক ব্যাপক বাণিজ্যিক তথা কৌশলগত গুৰুত্ব বৃদ্ধি পাব,’’-মহেন্দ্ৰ সিঙে লগতে কয়।

নেতাগৰাকীয়ে ইয়াৰ পাছতে কৰিমগঞ্জলৈ গৈ ব্যাপক উৎসাহৰ মাজেৰে বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে যোৱা সমদলত অংশগ্ৰহণ কৰে।