NORTHEAST NOW (Assamese)
অসম

পূব মণ্ডল ছাব জুনিয়ৰ বক্সিং টুৰ্নামেণ্টত ওদালগুৰিৰ চাৰিগৰাকী বক্সাৰে লাভ কৰিলে স্বৰ্ণ

Posted by: চাজিদ খান Updated by: চাজিদ খান March 27, 2019 2:41 pm
Lovely Daimar

যোৱা ২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ গোলাঘাটত অনুষ্ঠিত হোৱা পূব মণ্ডল ছাব জুনিয়ৰ ল’ৰা/ছোৱালী বক্সিং চেম্পিয়নশ্বিপত ওদালগুৰিৰ চাৰিগৰাকী বক্সাৰে সোণৰ পদক অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

চাৰিগৰাকী বক্সাৰৰ ভিতৰত তিনিগৰাকী বক্সাৰে ধনেশ্বৰ বসুমতাৰী বক্সিং ট্ৰেইনিং চেণ্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰা।

বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াই আয়োজন কৰা প্ৰতিযোগিতাখনত পদক অৰ্জন কৰা বক্সাৰ কেইগৰাকী হ’ল ছায়া ব্ৰহ্মা (৪২ কেজি), হিৰণ্য বড়ো(৫০), লাভলি দৈমাৰী(৩০ কেজি) আৰু এৰিকা বসুমতাৰি(৪৬ কেজি)।

উল্লেখ্য যে প্ৰতিযোগিতাখনত অসমে ১৬টা সোণ, ১০টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

চাৰি দিনীয়াকৈ অনুষ্ঠিত হোৱা পূব মণ্ডল বক্সিং চেম্পিয়নশ্বিপখনত অসম, মেঘালয়, পশ্চিমবংগ আৰু ছিকিমৰ মুঠ ৮০গৰাকী বক্সাৰে অংশগ্ৰহণ কৰিছিল।