NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

Posted by: এন ই নাও নিউজ March 28, 2019 3:04 pm
Amit-shahh-1

কলিয়াবৰ আৰু যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজাবৰ বাবে আজি অসমত আহি উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।

নিৰ্ধাৰিত সময়সূচীতকৈ প্ৰায় এঘাণ্টাৰো অধিক পলমকৈ প্ৰায় ৩ বজাত হেলিকপ্টাৰেৰে আহি কলিয়াবৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী। কলিয়াবৰৰ ড০ টি আও ষ্টেডিয়ামত তেওঁ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ মণিমাধৱ মহন্ত আৰু নগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাব। নেডাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিজেপিৰ প্ৰভাৰী মহেন্দ্ৰ সিঙে শ্বাহক আদৰণি জনায়।

ইয়াৰ পিছতে অমিত শ্বাহে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে যোৰহাটলৈ যাব। যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত আৱেলি নিৰ্বাচনী সভাত ভাষণ দি সন্ধিয়ালৈ নতুন দিল্লীলৈ উভতিব যাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী।