NORTHEAST NOW (Assamese)
অসম

বিজেপিক সমৰ্থন : মনোনয়ন প্ৰত্যাহাৰ কৰিলে শিলচৰৰ নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰে

Posted by: অপৰ্ণা লস্কৰ March 30, 2019 11:01 am
Dilip Kumar an Independent candidate withdraws his nomination and walks out with his supporters in Silchar on Friday

‘’নিৰ্বাচনোত্তৰ পৰিস্থিতিত যদি হ’ৰ্ছ ট্ৰেডিং হয়, সম্ভৱত: নিৰ্বাচনৰ আগেয়ে ইয়াক ‘পিগ’(গাহৰি) ট্ৰেডিং হোৱা বুলি ক’ব পাৰি,’’-নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ৰাজনৈতিক বিশ্লেষকে এইদৰে কয়।

 শিলচৰত খিলঞ্জীয়া মঞ্চ নামৰ সংগঠনটোৰ সমৰ্থনত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যোৱা ২৫ মাৰ্চত মনোনয় দাখিল কৰা দিলীপ কুমাৰে শুকুৰবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা প্ৰসংগত আছিল তেওঁৰ এই মন্তব্য।

 নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বিৰুদ্ধে খিলঞ্জীয়া মঞ্চৰ সদস্যসকলৰ সৈতে আন্দোলনত নমা দিলীপ কুমাৰে শুকুৰবাৰে নিজৰ স্থিতি সলনি কৰি মঞ্চৰ অনুমোদন বা সমৰ্থন অবিহনেই তেওঁৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে আৰু অবিশ্বাস্য হ’লেও ভাৰতীয় জনতা দলক সমৰ্থন দিয়াৰ আগ্ৰহ প্ৰকাশ কৰে।

 মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাছতেই নৰ্থইষ্ট নাওৰ আগত দিলীপ কুমাৰে কয়, ‘’ মই যোৱা ২৭ মাৰ্চত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা এটা বাৰ্তা লাভ কৰিলো আৰু যাৰ বাবে ৰাষ্ট্ৰভাষা চাহ জনজাতি উন্নয়ন মঞ্চৰ এটা পাঁচজনীয়া দলৰ সৈতে ইয়াৰ মুখ্য আহ্বায়কগৰাকী বৃহস্পতিবাৰে আহি গুৱাহাটী পাইছেহি। মুখ্য মন্ত্ৰীৰ প্ৰতিনিধি আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক লগ পাই আগন্তুক দিনত চাহ বাগিচা সম্প্ৰদায়ৰ সকলো দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাৰ বাবে আমি ইয়াৰ মডেলিটি সম্পৰ্কে আলোচনা কৰিব নোৱাৰো, কিন্তু নিৰ্বাচনৰ পাছতে আমাৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।‘’

 তেওঁ লগতে কয়, ‘’মুখ্য মন্ত্ৰী লগতে মোক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ বাবে অনুৰোধ কৰিছিল যাৰ বাবে মই সেয়া কৰিলো। মোৰ সংগঠনৰ সদস্যসকল সন্মত হৈছে তথা মোৰ সিদ্ধান্তক সমৰ্থন কৰিছে আৰু এতিয়া আমি সকলোৱে আগন্তুক নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিম।‘’

আনহাতে, খিলঞ্জীয়া মঞ্চৰ কোনো সদস্যক তেওঁৰ সৈতে গুৱাহাটীলৈ লৈ যোৱা নাছিল আৰু তেওঁলোকে দিলীপ কুমাৰৰ মনোনয়ন প্ৰত্যাহাৰৰ বাবে এতিয়া অসন্তুষ্ট হৈ পৰিছে।

অৱশ্যে দিলীপ কুমাৰে ভাৱে যে তেওঁৰ সংগঠনৰ সকলো দাবী পূৰণ হ’বলৈ যোৱাটো চাহ জনগোষ্ঠীৰ বাবে এক বিজয়। জয় বা পৰাজয়  সেয়া যি নহওঁক, খিলঞ্জীয়া মঞ্চৰ সদস্যৰ বাবে নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে দিলীপ কুমাৰৰ ‘হাত মিলোৱাটো’ৱে দেখাতকৈ বহু বেছি ৰহস্যৰ ইংগিত দাঙি ধৰিছে।