NORTHEAST NOW (Assamese)
অসম

বতৰ, জলবায়ু আৰু জীৱন সম্পৰ্কত বোকাখাতত কৰ্মশালা

Posted by: উত্তম শইকীয়া March 30, 2019 7:43 pm

বতৰ আৰু জলবায়ু পৰিৱৰ্তন এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক জটিল সমস্যা। এই পটভূমিত পঞ্চায়ত পৰ্যায়ত কেনেধৰণৰ কাৰ্যব্যৱস্থা ল’ব লাগে বা লোৱাতো সম্ভৱ এই লৈ আজি বোকাখাতত এক কৰ্মশালা অনুষ্ঠিত হয়।

গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাত, ভূমি আৰু দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ যৌথ উদ্যোগত বোকাখাতত প্ৰথমবাৰৰ বাবে বতৰ, জলবায়ু আৰু জীৱন সম্পৰ্কত এই বিশেষ কৰ্মশালা অনুষ্ঠিত হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা মুঠ ৬ খন গাওঁ পঞ্চায়তৰ সভাপতি, সচিব ,আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৱাৰ্ড সদস্য সকলৰ সজাগতাৰ বাবে আয়োজন কৰা এই কৰ্মশালা বোকাখাত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

কৰ্মশালাটোৰ উদ্বোধনী অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, ‘নেইষ্ট’ৰ গৱেষক ড৹ বিপুল কলিতা আৰু উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা ইমৰান হোছেইন উপস্থিত থাকে। গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে কৰ্মশালা উদ্বোধন কৰে সঞ্চালক পি শিৱকুমাৰে।

কৰ্মশালাত ড৹বিপুল কলিতা, আৰণ্যকৰ জয়ন্ত পাঠক, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ প্ৰকল্প বিষয়া তানভীৰ হোছেইন আৰু প্ৰাকৃতিক দূৰ্যোগ প্ৰশমন বিভাগৰ বৰাই জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণৰ বাবে গাওঁ পঞ্চায়ত বোৰে ল’ব পৰা ব্যৱস্থাৱলীৰ ওপৰত আলোকপাত কৰি আলোচনা আগবঢ়ায়। কৰ্মশালাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ৬ খন গাওঁ পঞ্চায়তৰ মুঠ ৭০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।