NORTHEAST NOW (Assamese)
অসম

বিহুটিক আদৰাৰ প্ৰস্তুতি : গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন

Posted by: ৰিতুপল্লৱ শইকীয়া March 31, 2019 6:44 am
IMG-20190331-WA0000

অসমীয়াৰ অতি হেঁপাহৰ ৰঙালী বিহুটি আহি পদূলিমুখত উপস্থিত হোৱাৰ প্ৰাক্ক্ষণত বিহুটিক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। নতুন প্ৰজন্মৰ বাবে ৰঙালী বিহুটিৰ পৰম্পৰাগত শৈলী আৰু স্বকীয় মৰ্যাদা সম্পৰ্কে সজাগ কৰি তোলাৰ উদ্দেশ্যে বিভিন্ন প্ৰশিক্ষণ,কৰ্মশালা আদিৰো আয়োজন কৰা হৈছে।

বিগত বৰ্ষৰ দৰে এইবাৰো সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ খেলপথাৰত বিহু কৰ্মশালাৰ আয়োজন কৰিছে গোলাঘাট আঞ্চলিক ছাত্র সন্থাই। যোৱা ২৬মাৰ্চৰ পৰা আৰম্ভ হোৱা বিহু কৰ্মশালাত প্রায় ৬০০ তকৈয়ো অধিক বিহু নাচনী আৰু ২০০ ৰো অধিক ঢুলীয়াই প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অংশুমান বৰুৱা আৰু সাধাৰণ সম্পাদক বিশ্বজিত গগৈয়ে কয় যে বিহু অসমৰ জাতীয় উৎসৱ আৰু নতুন প্ৰজন্মক বিহুৰ সৈতে পৰিচয় দিয়া উদ্দেশ্য এই বিহু কৰ্মশালা আয়োজন কৰা হৈছে।

অহা ৭ এপ্ৰিলত অনুঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীন জ্যোতি গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

আনহাতে,সন্ধিয়া অনুঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপুল চেতিয়া ফুকন আৰু দিপু দীক্ষিতে গীত পৰিবেশন কৰিব।