NORTHEAST NOW (Assamese)
অসম

গোলাঘাট আৰক্ষীৰ কব্জাত তিনিজন “চোৰ”, উদ্ধাৰ নটা পাম্পছে’ট, এখন বাইক

Posted by: ৰিতুপল্লৱ শইকীয়া Updated by: ৰিতুপল্লৱ শইকীয়া March 31, 2019 8:08 pm
Golaghat police arrests three 'thieves'

আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি চুৰি কাৰ্য্য চলাই অহা তিনিগৰাকী “চোৰ”ক দেওবাৰে আটক কৰা হৈছে, গোলাঘাট আৰক্ষীৰ দাবী।

পার্থ কলিতা নামৰ “চোৰ”গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে নটা পাম্পছে’টসহ এটা টায়াৰ আৰু এটা পানী টেপ।

“ধৃত পার্থ কলিতাই ফণী বৰদলৈ হাইস্কুলৰ লগতে নগৰৰ বিভিন্ন স্থানৰ পৰা পানী পাম্পছে’টসহ অন্যান্য সামগ্ৰীৰ চুৰি কাৰ্য্য চলাই আহিছিল। তেখেতে আমাক দিয়া স্বীকাৰোক্তিৰ ভিত্তিত হামদৈ পুলৰ প্রদীপ্ত দত্ত, চন্দন নগৰৰ জীৱেশ্বৰ ভৰালী, ফৰকাটিং তিৰোৱালৰ মইনা শইকীয়া, চান্দমাৰীৰ চিন্ময় দাস, বেঙেনাখুৱাৰ আলিম হুছেইন আৰু জ্যোতি নগৰৰ পূৰ্ণকান্ত গগৈক বিক্ৰী কৰা সামগ্ৰীসমূহ জব্দ কৰা হৈছে,” নৰ্থ ইষ্ট নাও-ক জনায় গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাই।

আনহাতে সঞ্জু ভূমিজ আৰু ৱাহিদুৰ আলী নামৰ আন দুজন ধৃত “চোৰ”ৰ পৰা এখন ক’লা ৰঙৰ মটৰ চাইকেল আৰু এটা ম’বাইল ফ’ন জব্দ কৰা হৈছে।

আটাইকেইজন ব্যক্তিৰে ঘৰ গোলাঘাট চহৰৰ নগাবাংলা ৰ’ডত।

আৰক্ষীয়ে জনোৱা মতে এই চুৰিসমূহ সন্দৰ্ভত গোলাঘাট আৰক্ষীক লিখিত অভিযোগ দিয়া হৈছিল।