NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধয়েক কোনো কাৰণতে নিৰ্বাচনী ইচ্ছু হ’ব নোৱাৰে : মণিমাধৱ মহন্ত

Posted by: ঋতুপল্লৱ শইকীয়া April 2, 2019 8:48 pm

আগন্তুক লোকসভা নিৰ্বাচনত নাগৰিকত্ব (সংশোধনী) বিধেয়ক কোনো কাৰণতে ইচ্ছু হ’ব নোৱাৰে। কাৰণ নিৰ্বাচনৰ জৰিয়তে জনসাধাৰনে এজন দক্ষ, দূৰদৰ্শী আৰু বাকপটু নেতাৰহে আশা কৰে যিজনে ৰাইজৰ সমস্যাসমূহ  কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উপস্থাপন কৰিব পাৰে। এই মন্তব্য কলিয়াবৰ সংসদীয় সমষ্টিৰ অগপৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ।

নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে গোলাঘাটলৈ অহা প্ৰাৰ্থীগৰাকীয়ে নৰ্থ-ইষ্ট নাওৰ লগত মত বিনিময় কৰি কংগ্ৰেছ দলেহে নাগৰিকত্ব বিধয়েকক বিজেপিৰ বিৰুদ্ধে ঢাল হিচাবে ব্যৱহাৰ কৰি নিজৰ ব্যৰ্থতা ঢকাৰ চেষ্টা কৰা বুলি মন্তব্য কৰে।

ইয়াৰ বিপৰীতে তেওঁ নৰেন্দ্ৰ মোদী নেতৃত্বধীন বিজেপি চৰকাৰখনৰ ওচৰত যথেষ্ট আস্থাশীল বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৰ বক্তব্যৰ উদ্ধৃতি দি মহন্তই দেশৰ অন্যান্য ৰাজ্যত কাৰ্যকৰী নোহোৱা পৰ্য্যন্ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নাগৰিকত্ব সংশোধনী বিধয়েকৰ কোনো পদক্ষেপ নোলোৱাৰ কথা উল্লেখ কৰে।

অৱশ্যে ৰিজিজুৰ বক্তব্যৰ বিপৰীতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কিছুদিন পূৰ্বে অসমলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত স্বাহে ৰাইজৰ আগত বিজেপি ক্ষমতালৈ আহিলে পুনৰ নাগৰিকত্ব বিধেয়ক লৈ আহিব ঘোষণা কৰিছিল।

কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈক সমালোচনা কৰি তেওঁ কয় যে সাংসদ হিচাপে এটা কাৰ্যকাল সমাপ্তিৰ সময়টো যুৱ সাংসদগৰাকীয়ে সমষ্টিটোৰ জ্বলন্ত সমস্যা গঁড় হত্যা, অসম- নাগালেণ্ড সীমা সমস্যা আদিৰ বিষয়ত মাত নামাতিলে ।

উল্লেখযোগ্য যে  ৰাজ্যৰ ভিতৰত বিশেষ গুৰুত্বপূৰ্ণ এই সংসদীয় সমষ্টিটো ধিং,বটদ্ৰৱা,ৰূপহীহাট, চামগুৰি,কলিয়াবৰ, সৰুপথাৰ, বোকাখাট,গোলাঘাট, খুমতাই আৰু দেৰগাঁও(এছ.চি) বিধান সভা সমষ্টি সামৰি গঠিত হৈছে।