মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ অংশ গ্ৰহণ

আজি ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ গ্ৰহণ কৰে।
অনুষ্ঠানটোত মুখ্য মন্ত্ৰীয়ে ভষণ প্ৰসংগত কয় যে, ‘ৰাজ্যখনৰ উঠি অহা চামক গুণগত শিক্ষাৰে একো একোজন সু-নাগৰিক হিচাপে গঢ় দিয়াৰ দায়িত্ব শিক্ষাগুৰু সকলৰ। এই দায়িত্ব সুকলমে ৰূপায়ণত প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ আৰু ৰাজ্যখনৰ প্ৰতিজন সচেতন নাগৰিকে শিক্ষাগুৰুসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব।’
প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গুণগত শিক্ষাৰে নিজকে প্ৰতিষ্ঠা কৰি আগন্তুক দিনত বিভিন্ন কৰ্মক্ষেত্ৰত যোগ্যতাৰে নেতৃত্ব বহন কৰি দেশ-বিদেশৰ পৰা অসমলৈ সুনাম কঢ়িয়াই আনিব লাগিব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা শিক্ষাদান কৰি অঞ্চলটোক শিক্ষাৰ পোহৰেৰে আলোকিত কৰা শিক্ষাগুৰু সকলক ধন্যবাদ জ্ঞাপন কৰে। এই প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে বনৰীয়া হাতীৰ উপদ্ৰৱ, বান বিধ্বস্ত অতি ভিতৰুৱা অঞ্চলটোত শিক্ষাগুৰু সকলে শিক্ষাৰ পোহৰ বিলাই অহাটো প্ৰশংসাৰ যোগ্য বুলি কয়।
সমন্বয়ৰ মাজেৰে এটা জাতি শক্তিশালী হ’ব পাৰে বুলি উল্লেখ কৰি অসমত শান্তি-সমন্বয়, ভাতৃত্ববোধৰ পৰিৱেশ গঢ় দিয়াৰ বাবে এই সমন্বয় বৰ্তি থকাটো জৰুৰী বুলিও মুখ্য মন্ত্ৰী সোণোৱালে উল্লেখ কৰে।
আজিৰ সভাতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ কৃষক ৰাইজে যাতে কৃষিৰ জৰিয়তে আৰ্থিক সবলতা অৰ্জন কৰিব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে ‘মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা’ৰ দৰে আঁচনি হাতত লৈছে বুলিও কয়।
আজিৰ অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালে মধুপুৰ, বগীবিল, লেজাই, গৰুধৰীয়া, কলাখোৱাকে ধৰি বৃহত্তৰ এলেকাটোৰ ৰাইজে দীৰ্ঘদিন ভূগি থকা বানপানী, গৰাখহনীয়া সমস্যা সমাধানৰ বাবে অঞ্চলটোত অতি শীঘ্ৰে ১৮ কোটি টকা ব্যয় সাপেক্ষে এক ৰিং বান্ধ নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে।
সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটোত বিধায়ক প্ৰশান্ত ফুকন, বিমল বৰা, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, যোগেন মহন, ডিব্ৰুগড় উপায়ুক্ত লয়া মাদুৰী, অসম মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ডাঃ দয়ানন্দ বৰগোহাঁই, কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক দেৱেন দত্তকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।