NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰত মোদী, “ত্ৰিপুৰাৰ বিকাশৰ গতি ত্বৰান্বিত হৈছে”

Posted by: এন ই নাও নিউজ April 7, 2019 5:02 pm
modi-pic-750x375

আজি ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে কয় যে ত্ৰিপুৰাত এতিয়া বিকাশৰ গতি ত্বৰান্বিত হৈছে। উদয়পুৰত অনুষ্ঠিত নিৰ্বাচনী সভাৰ উপস্থিতসকলক উদ্দেশ্যি মোদীয়ে কয়, “ত্ৰিপুৰা গোটেই দেশজুৰি পৰিৱৰ্তনৰ এটা প্ৰতীকত পৰিণত হৈছে।”

তেওঁ আগৰ চৰকাৰবোৰে উত্তৰ-পূবক অৱজ্ঞা কৰিছিল বুলি অভিযোগ কৰে।

“আপোনালোকৰ সহযোগিতাৰ বাবেই আমি পূৰ্বৰ চৰকাৰবোৰে অৱজ্ঞা কৰা এই অঞ্চলটোৰ বিকাশৰ বাবে কাম কৰিব পাৰিছো”, উপস্থিতসকলক প্ৰশংসা কৰি মোদীয়ে কয়।

বিজেপি-আই পি এফ টি মিত্ৰজোঁটৰ চৰকাৰখনকো প্ৰশংসা কৰে মোদীয়ে। “ত্ৰিপুৰা চৰকাৰে খেতিয়কৰ পৰা পোনপটীয়াকৈ উৎপাদিত সামগ্ৰী কিনিছে আৰু এই লোকসকলক উপকৃত কৰিছে। আমি মধ্যভোগীকে ধৰি দুৰ্নীতিৰ তন্ত্ৰটো ভাঙি পেলাইছো। আমি ৫.৫ লাখ ক্ষুদ্ৰ খেতিয়কক ৩৫০ কোটি টকাৰ আৰ্থিক সাহায্য দিবলৈ সিদ্ধান্ত লৈছো। ১.৫ লাখ খেতিয়কে ইতিমধ্যে এয়া পাইছে।” ক্ষুদ্ৰ কৃষকক গাইপতি ৬ হাজাৰকৈ টকা সাহায্য দিয়াৰ সিদ্ধান্তৰ কথাৰে মোদীয়ে কয়।

তেওঁ ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰসংগ টানি কয়, “আমি বহুতো প্ৰকল্প সম্পূৰ্ণ কৰিলো আৰু বহুতো কৰাৰ পথত।”

মোদীয়ে বাওঁ দলবিলাক আৰু কংগ্ৰেছৰ মাজত সনা-পিটিকা আছে বুলি কৈ ৰাহুল গান্ধীয়ে কেৰালাৰ পৰা নিৰ্বাচন খেলাক কটাক্ষ কৰে।

“ৰাহুল গান্ধীয়ে পুডুছেৰীৰ বা কৰ্ণাটক বা অন্ধ্ৰ প্ৰদেশ বা চট্টিছগড়ৰ পৰা বা মধ্য প্ৰদেশৰ পৰা খেলিব পাৰিল হেঁতেন। কিন্তু তেওঁ দ্বিতীয়খন আসনৰ বাবে কেৰালালৈ কিয় গ’ল? কাৰণ কংগ্ৰেছ আৰু বাওঁ দলবিলাক একগোট হৈছে”, গুজৰাটৰ সলনি উত্তৰ প্ৰদেশৰ বাৰাণাসীৰ পৰা নিৰ্বাচন খেলা মোদীয়ে কয়।

তেওঁ গোটেই বিৰোধী প্ৰধান মন্ত্ৰী মোদীৰ বিৰুদ্ধে একগোট হৈছে বুলি মন্তব্য কৰে। “তেওঁলোক ইয়াত দুটা বেলেগ পাৰ্টি হ’লেও দিল্লীত একগোট।” মোদীয়ে কয়।

মোদী ইয়াৰ পিছতে নিৰ্বাচনী প্ৰচাৰৰ বাবে মণিপুৰৰ ইম্ফললৈ যোৱাৰ কথা।