NORTHEAST NOW (Assamese)
অসম

সুস্থ হৈ উঠি ডিমৌৰ আকাশত পুনৰ ডেউকা মেলিলে বিষক্ৰিয়াত আক্ৰান্ত ৩০টা শগুনে

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 9, 2019 4:11 pm
30 Vultures released after medical treatment in Assam's Demow

সুস্থ হৈয়ে শিৱসাগৰ জিলা ডিমৌৰ আকাশত মঙলবাৰে পুনৰ উৰা মাৰিলে বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৩০টা শগুন।

যোৱা ২৯ মাৰ্চত বিষক্ৰিয়াত আক্ৰান্ত হোৱা শগুনকেইটাক কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল৷ কেন্দ্ৰটোৰ চিকিৎসাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে অসুস্থ চৰাইকেইটাৰ।

গৰুৰ মৃতদেহ ভক্ষণ কৰি প্ৰায় অৰ্ধ শতাধিক শগুনৰ মৃত্যুৰ পিছত মুমুৰ্ষু অৱস্থাত ৩৪টা শগুন কেন্দ্ৰটোলৈ অনা হৈছিল। ইয়াৰে ১টাৰ কেন্দ্ৰলৈ আনি থকা সময়ত আৰু ২টা শগুনৰ কেন্দ্ৰটোত মৃত্যু হৈছিল।

১টা শগুন এতিয়াও সুস্থ নোহোৱাৰ বাবে ৩০টা শগুনহে ডিমৌত মুকলি কৰি দিয়া হৈছে৷ বিষক্ৰিয়াত আক্ৰান্ত শগুনকেইটা আছিল অতি বিৰল হিমালয়ান গ্ৰিফন প্ৰজাতিৰ।

শগুনকেইটাক এতিয়া পুনৰ ডিমৌৰ নিৰ্দিষ্ট বসতিস্থলতে মুকলি কৰি দিয়া হৈছে৷

শগুনকেইটা মুকলি কৰাৰ পিছত স্থানীয় পানীদিহিং কনিষ্ঠ মহাবিদ্যালয়ত এক বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকৰ উপৰিও অনুষ্ঠানটোত শিৱসাগৰৰ উপায়ুক্ত আৰু বন সংমণ্ডল প্ৰাধিকাৰীও উপস্থিত থাকে৷

শগুনকেইটা মুকলি কৰাৰ সময়ত শিৱসাগৰৰ উপায়ুক্ত এছ লক্ষ্মণন, বন সংমণ্ডল বিষয়া জয়শ্ৰী নাইডুংগে, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ৰথীন বৰ্মন আৰু পৰিচৰ্য্যা কেন্দ্ৰটোৰ পশু চিকিৎসক ডা৹ চামচুল আলী উপস্থিত থাকে৷

কাজিৰঙাস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰটো বনবিভাগ আৰু আগশাৰীৰ সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই পৰিচালনা কৰে।