NORTHEAST NOW (Assamese)
অসম

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে সাজু ডিমা হাচাও প্ৰশাসন

Posted by: পংকজকুমাৰ দেব April 9, 2019 8:11 pm

দেশৰ সাধাৰণ নিৰ্বাচন লৈ সম্পূৰ্ণভাৱে সাজু হৈছে ডিমা হাচাও জিলা প্ৰশাসন। অহা ১৮ এপ্ৰিলত  দ্বিতীয় পৰ্যায়ত ডিমা হাচাও জিলাত অনুষ্ঠিত হ’ব  ভোট গ্ৰহণ প্ৰক্ৰিয়া। উপজাতি সংৰক্ষিত ৩ নম্বৰ ডিফু সমষ্টিৰ অন্তৰ্গত  ডিমা হাচাওত এইবাৰ মুঠ ১,৩৭,৩১৭ গৰাকী ভোটাৰে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব। য’ত পুৰুষ ভোটাৰ ৬৯,৩৪২ আৰু মহিলা ভোটাৰৰ সংখ্যা  ৬৭,৯৭৫। জিলাখনৰ মুঠ ২৪২ খন পোলিং ষ্টেচনত হ’ব ভোট।

 ইতিমধ্যে মাইক্ৰ’ অৱজাৰ্ভাৰ, জ’নাল অফিচাৰ, ছেক্টৰ অফিচাৰ, প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ আদিৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া অহা ১১ এপ্ৰিলত সম্পূৰ্ণ হ’ব। আনহাতে  ২৪২ টো পুলিঙ ষ্টেচনৰ কাৰনে ইভিএম আৰু ভিভিপি এ টি মেচিন আদি চিল কৰি ষ্ট্ৰং ৰুমত ৰখা হৈছে। ইপিনে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে জেনেৰেল অৱজাৰ্ভাৰ সুন্দৰলাল শিল হাফলঙত বাহৰ পাতি আছে।

ইয়াৰ লগতে ফ্লায়িঙ স্কোৱাডৰ দল ব্যস্ত হৈ পৰিছে যান-বাহন তালাচীত। অৰ্থাৎ নিৰ্বাচন সুস্থ আৰু নিকা অনুষ্ঠিত কৰা কাৰনে কোনো ধৰনৰ  আপোচ কৰা নাই আয়োগে।