NORTHEAST NOW (Assamese)
অসম

ফেৰী-ট্ৰেক্টৰত উঠি মাজুলীৰ ১৫০ ভোটকেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণকাৰী দল

Posted by: মিটু খাটনিয়াৰ April 10, 2019 3:42 pm

দেশৰ ১৭তম সাধাৰণ নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান ঘণ্টা বাকি আছে। আন আন ৰাজ্যৰ লগতে অসমৰো ৫টা লোকসভা সমষ্টিত কাইলৈ অৰ্থাৎ ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

উক্ত ৫টা সমষ্টিৰ অন্যতম লখিমপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত মাজুলী বিধানসভা সমষ্টিৰ ১৫০টা ভোট কেন্দ্ৰলৈ ই ভি এম-ভি ভি পি এ টি যন্ত্ৰসহ আজি ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰ দল ৰাওনা হ’ল।

পুৱাই গড়মূৰস্থিত উপায়ুক্ত কাৰ্যালয় চৌহদৰ পৰা ভোট গ্ৰহণকাৰী দলসমূহে ই ভি এম-ভি ভি পি এ টিসহ ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি ফেৰী, নাও আৰু ট্ৰেক্টৰত উঠি ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হয়।

উল্লেখযোগ্য যোৱা মঙলবাৰে মাজুলীৰ ১৪টা দুৰ্গম ভোটকেন্দ্ৰলৈ ভোটগ্ৰহণ যন্ত্ৰসহ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ দল ৰাওনা হৈছিল।

জিলাখনৰ ১৬৪টা ভোটগ্ৰহণ কেন্দ্ৰত কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে সংৰক্ষিত ভোটগ্ৰহণকাৰীৰ দলসহ মুঠ ৭৮৭গৰাকী প্ৰিজাইডিং-পোলিং বিষয়াক নিয়োজিত কৰা হৈছে।