NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ লিগেল চেলৰ বিৰুদ্ধে গোচৰ তৰিলে উপমন্যু হাজৰিকাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 10, 2019 4:39 pm

বিজেপিৰ আইনী কোষৰ আহ্বায়ক বেণুধৰ নাথৰ বিৰুদ্ধে নুনমাটি থানাত গোচৰ তৰিলে উপমন্যু হাজৰিকাই। বেণুধৰ নাথে মিছা তথ্য দি তেওঁৰ বিৰুদ্ধে গোচৰ তৰাৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ১৮২ আৰু ২১১ ধাৰাৰ অধীনত আজি উক্ত গোচৰ দাখিল কৰে বুলি হাজৰিকাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

‘ইয়াৰে ধাৰা ২১১ জামিনযোগ্য নহয়। যদি আৰক্ষী বিভাগ নিৰপেক্ষ হয়, তেন্তে তেওঁলোকে অনতিপলমে এই গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰিবলৈ আগবাঢ়িব লাগে।’ হাজৰিকাই কয়।

উল্লেখযোগ্য যে বিজেপিৰ আইনী কোষৰ আহ্বায়ক গৰাকীয়ে যোৱা ৭ এপ্ৰিলত নুনমাটি থানাত উপমন্যু হাজৰিকাৰ বিৰুদ্ধে নিউ গুৱাহাটীৰ বিজেপিৰ অস্থায়ী কাৰ্যালয়ৰ পৰা গুৰুত্বপূৰ্ণ নথি পত্ৰ হৰলুকী কৰা বুলি গোচৰ দিছিল।

হাজৰিকাই লগতে কয়, ‘দুৰ্ভাগ্যজনকভাৱে এটা মিছা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰিবলৈ আগবাঢ়িছে, যিটো গোচৰ ভিডিঅ’ ফুটেজৰ সাক্ষ্য অনুসৰীয়েই মিছা।’

আগৰ এক সংবাদমেলত হাজৰিকাই জনোৱা মতে, ‘নুনমাটিৰ পৰা ভৰলুমুখলৈকে কৰা আমাৰ পদযাত্ৰা বিয়লি ৩ বজাৰ পৰা আৰম্ভ হৈছিল আৰু ৩:৩০ বজাত বিজেপি দলৰ মুকলি কাৰ্য্যালয়ত প্ৰৱেশ কৰিছিলো। এই সমগ্ৰ ঘটনা ফেইচবুক লাইভ কৰা হৈছিল। কিন্তু তেওঁলোকে আমাক ১:০০ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত কাৰ্যালয়ত প্ৰৱেশ কৰা বুলি এজাহাৰত উল্লেখ কৰে।’