NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ ‘শিশু গৃহ’ত সহায়ৰ হাত ক্ৰিয়েশ্বন ম’চন পিক্সাৰৰ

Posted by: এন ই নাও নিউজ April 11, 2019 7:30 pm
Creation motion picture extends helping hand to Guwahati's 'Shishu Griha'

গুৱাহাটীৰ বীৰুবাৰীস্থিত ‘শিশু গৃহ’ নামৰ আশ্ৰয়গৃহটোত সামান্য সহায়ৰ হাত আগবঢ়াইছে ক্ৰিয়েশ্বন ম’চন পিক্সাৰে।

বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে আশ্ৰয়গৃ্হটোৰ ১৫গৰাকী কণমানিক যোৱা মঙলবাৰে কাপোৰ আৰু খোৱা বস্তু প্ৰদান কৰে।

“ব’হাগৰ বিহুত সকলোৱে নতুন কাপোৰ পৰিধান কৰে। সকলোৰে মন মতলীয়া হৈ থাকে। কিন্তু এনে শিশুৰোটো বিহুৰ দিনা এসাজ নতুন কাপোৰ পিন্ধিবলৈ মন যায়। বিহু খাবলৈ মন যায়। তেওঁলোকৰোটো বহুত হেঁপাহ আছে। এই উদ্দেশ্যেৰে আগবঢ়োৱা হয় সামান্যতম সহায়ৰ হাত,” জনায় সংগঠনটোৰ সম্পাদিকা গাৰ্গী শইকীয়া হাজৰিকাই।

অনুষ্ঠানটোত সংগঠনটোৰ সভানেত্ৰী বন্দনা বৰঠাকুৰ, পৰিচালক মনোজ গগৈ, সদস্যা পাপৰি শইকীয়া মহন্ত, ঋষিকা হাজৰিকা, গীতিস্মিতা ডেকা, মনময়ূৰী, আৰ্জিকা হাজৰিকা আৰু ফট’গ্ৰাফাৰ আশিস শইকীয়া উপস্থিত আছিল।