NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰেই আৰম্ভ হ’ব উচ্চতম ন্যায়ালয়ত পৰি থকা অসমৰ বিদেশী সমস্যাৰ চাৰিটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

Posted by: এন ই নাও নিউজ April 11, 2019 10:44 pm
supreme-court_of_India-750x375-1-1140x570-1024x512

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দীৰ্ঘদিন ধৰি বিনা বিচাৰে পৰি থকা অসমৰ বিদেশী সমস্যা সম্পৰ্কীয় চাৰিটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অতি কম দিনৰ ভিতৰতেই আৰম্ভ হ’ব। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰ্দেশত গোচৰ কেইটা শুনানিৰ বাবে তালিকাভুক্ত হৈছে।

অসম সন্মিলিত মহাসংঘৰ কাৰ্য্যকৰী সভাপতি মতিউৰ ৰহমানে এক বিবৃতিযোগে এই কথা জানিবলৈ দিছে। তেওঁ জনোৱা মতে বিহুৰ পাছতেই ন্যায়ালয়ে গোচৰ কেইটাৰ শুনানিৰ দিন নিশ্চিত কৰিব।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিপঞ্জী, বিদেশীৰ ভিত্তিবছৰ আদি সম্পৰ্কত অসম সন্মিলিত মহাসংঘ, চহিদ পৰিয়াল, ৮ গৰাকী বিশিষ্ট ব্যক্তি আৰু আহোম সভাই উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত এই চাৰিখন হস্তক্ষেপ আবেদন কৰিছিল। সন্মিলিত মহাসংঘৰ ২৮৪৮১/২০১৯, চহিদ পৰিয়ালৰ ১৮৬১৬৬/২০১৮, আঠ গৰাকী বিশিষ্ট ব্যক্তিৰ ১৮৬১৬৮/২০১৮ আৰু আহোম সভাৰ ১৮৬১৭৭/২০১৯ নম্বৰৰ হস্তক্ষেপ আৱেদন সমুহ বিচাৰৰ বাবে তালিকাভুক্ত হোৱা নাছিল।

পৰৱৰ্তী সময়ত এই আৱেদন কেইখনৰ বিচাৰ আৰম্ভ কৰিবলৈ অধিবক্তা সমীৰণ শৰ্মাই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ওচৰত আৱেদন কৰে। পাছত মুখ্য ন্যায়াধীশ গৰাকীয়ে আটাইকেইখন হস্তক্ষেপ আৱেদন শীঘ্ৰেই শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ কৰ্ট মাষ্টাৰক নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সৈতে তিনিজনীয়া বিচাৰপীঠখনত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপক গোয়েলো আছিল।

মতিউৰ ৰহমানে লগতে জনায় যে এই গোচৰ কেইটাত অসমৰ খিলঞ্জীয়াৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা শ্যাম দিৱান, ভাৰত চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত ছলিচিটৰ জেনেৰেল তথা জ্যেষ্ঠ অধিবক্তা পি এছ নৰছিমহাই ওকালতি কৰিব।