NORTHEAST NOW (Assamese)
অসম

ড০ হীৰেন গোহাঁইৰ ৮০সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত কেমব্ৰিজৰ শুভেচ্ছা পত্ৰ

Posted by: এন ই নাও নিউজ April 13, 2019 8:16 am
Hiren-Gohain-Feature-Image

অসমৰ বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইক তেওঁৰ ৮০ বছৰীয়া জন্মদিনৰ প্ৰাকক্ষণত কেমব্ৰিজ কৰ্তৃপক্ষই শুভেচ্ছা জনালে। কেমব্ৰিজ বিশ্ববিদ্যালয়ত ৫০ বছৰ পূৰ্বে অধ্যয়ন কৰা ড০ হীৰেন গোহাঁইলৈ এখন পত্ৰ প্ৰেৰণ কৰি কেমব্ৰিজ কৰ্তৃপক্ষই জন্মদিনৰ শুভেচ্ছা জনালে প্ৰাক্তন ছাত্ৰগৰাকীক।

বিশ্বৰ এখন আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান তথা মেধা আৰু প্ৰতিভাৰ উৎকৰ্ষ সাধনৰ কেন্দ্ৰ হিচাপে কেমব্ৰিজ বিশ্ববিদ্যালয়ে এক বিশেষ পৰিচিতি লাভ কৰি আহিছে। এনে এখন উচ্চশিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰাৰ ৫০ বছৰ পাছত জন্মদিনৰ শুভেচ্ছা পত্ৰ লাভ কৰি স্বাভাৱিকতে ড০ গোহাঁই অভিভূত হৈ পৰিছে।

এই সন্দৰ্ভত আজিৰ ‘আমাৰ অসম’ কাকতত উল্লেখ কৰা হৈছে ড০ গোহাঁইৰ উদ্ধৃতি। তেওঁ কয়, ‘১৯৬৯ চনত মই কেমব্ৰিজ এৰিছিলোঁ। আজি অত বছৰ পাছতো তেওঁলোকে প্ৰাক্তন ছাত্ৰ এগৰাকীক মনত ৰাখিছে। মই আপ্লুত, অভিভূত হৈ পৰিছোঁ। এই শুভেচ্ছা-পত্ৰই মোক কেৱল আনন্দিত কৰাই নহয় ৰোমাঞ্চিতও কৰিছে। আজি অত বছৰে প্ৰাক্তন ছাত্ৰৰ যে তেওঁলোকে তথ্য ৰাখিছে সেই কথাত মই আচৰিত হৈছোঁ। ইয়াৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে। এনে আদৰ্শৰ তুলনাত আমাৰ অসমীয়া বহুত দুৰ্বল। তেওঁলোকে স্মৃতি ধৰি ৰাখে। কিন্তু আমাৰ ইয়াত ছাত্ৰ-ছাত্ৰীৰ কথা বাদেই পুৰণি বহু শিক্ষকৰে তথ্য নাই।‘’

উল্লেখ্যোগ্য যে, ড০ গোহাঁয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ‘গণভিল এণ্ড কেইচ’ মহাবিদ্যালয়ত ইংৰাজী সাহিত্যৰ বিষয়ত গৱেষণা কৰিছিল। ১৯৬৫ চনৰ পৰা ১৯৬৯ চনলৈকে উক্ত মহাবিদ্যালয়ত মিল্টনৰ ‘পেৰাডাইজ লষ্ট’ মহাকাব্যৰ ওপৰত তেওঁ গৱেষণা কৰিছিল।

অহা ১৪ এপ্ৰিলত ড০ হীৰেন গোহাঁয়ে ৮০ বছৰত ভৰি দিব। জন্মদিনৰ প্ৰাকক্ষণত কেমব্ৰিজ কৰ্তৃপক্ষই পঠোৱা শুভেচ্ছা পত্ৰই অসমৰ সমাজ জীৱনৰ মহীৰুহগৰাকীক উৎফুল্লিত কৰি তুলিছে।