NORTHEAST NOW (Assamese)
অসম

অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে সৰুপথাৰত বিদ্যুৎস্পৃষ্ট হৈ নিহত শিশু

Posted by: এন ই নাও নিউজ April 15, 2019 1:17 pm

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ দিনাই অৰ্থাৎ বহাগৰ প্ৰথম দিনটোতে সৰুপথাৰৰ বিলপথাৰ গাঁৱত সংঘটিত হয় এক কৰুণ ঘটনা। এই দুৰ্ঘটনাত এটি শিশুয়ে মৃত্যুক সাবটি ল’ব লগীয়া হয়। নিহত শিশুটিৰ নাম ৰাজা ভূমিজ বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণি মতে বহাগৰ আজি প্ৰথম দিনটোতে শিশুটিয়ে বিদ্যুতৰ ছিগা তাঁৰত লাগি মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়। শিশুটিয়ে সমনীয়াৰ সৈতে খেলি থকা অৱস্থাতে এই কৰুণ ঘটনাটো সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে দেওবাৰে অৰ্থাৎ গৰু বিহুৰ দিনা পুৱা অহা ধুমুহাৰ ফলত বিদ্যুতৰ তাঁৰডাল ছিগি পথৰ ওপৰতে বিপজ্জনক ভাৱে পৰি আছিল। বিদ্যুৎ বিভাগে তাঁৰ মেৰামতি নকৰাকৈ আজি বিদ্যুৎ সংযোগ কৰাৰ বাবেই আজিৰ ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰিছে।