NORTHEAST NOW (Assamese)
অসম

আজিৰ পৰা ১৮ এপ্ৰিললৈ ড্ৰাই ডে’ ঘোষণা মহানগৰ জিলা প্ৰশাসনৰ

Posted by: এন ই নাও নিউজ April 16, 2019 12:38 pm
Dryday_top-i

লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনত আজি বিয়লি ৫ বজাৰ পৰা পৰা ১৮ এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰলৈ ড্ৰাই ডে’ ঘোষণা কৰিছে। এই কেইটা দিনত জিলাখনৰ সকলো ধৰণৰ সুৰাৰ বিপনী বন্ধ থকাৰ লগতে গোপনে চলোৱা সুৰা ব্যৱসায়ৰ ওপৰতো কঠোৰ দৃষ্টি ৰখা হ’ব।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মহানগৰ প্ৰশাসনৰ তৰফৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।

অহা ১৮ এপ্ৰিলত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। সমষ্টি কেইটা হৈছে মঙলদৈ, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু স্বায়ত্ত শাসিত (ডিফু)।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনত কামৰূপ মহানগৰ জিলা কোনো এটা সমষ্টিৰে অংশ নহয় যদিও মঙলদৈ আৰু নগাঁও সমষ্টিৰ গাত লাগি থকা বাবেই জিলা প্ৰশাসনে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ অভিযানত অবৈধভাৱে মজুত কৰি ৰখা বহু পৰিমাণৰ সুৰা জব্দ কৰিছে।