NORTHEAST NOW (Assamese)
অসম

ধুমুহাত মৃত্যুহোৱাসকলৰ পৰিয়াললৈ আৰু আহতসকললৈ সাহায্য ঘোষণা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Posted by: এন ই নাও নিউজ April 17, 2019 5:15 pm
17-04-19 Guwahati- strom hit latashil bihu pandal (11)

মঙলবাৰে মধ্যপ্ৰদেশ, ৰাজস্থান, মণিপুৰকে ধৰি বিভিন্ন ৰাজ্যত ধুমুহা আৰু প্ৰবল বৃষ্টিপাতৰ ফলত বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহুসংখ্যক লোক আঘাতপ্ৰাপ্ত হয়। দেশৰ বিভিন্ন প্ৰন্তৰ লগতে অসমৰো বহুকেইখন জিলাক পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহা বতাহে কোবাই লৈ যায়।

দেশৰ বিভিন্ন ৰাজ্যত ধুমুহা আৰু বৰষুণৰ ফলত মৃত্যু হোৱা লোক সকলৰ পৰিয়াললৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে আহত সকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।

মোডীয়ে আজি টুইটাৰ যোগে এই কথা ঘোষণা কৰে। প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুজিৰ পৰা মৃত্যু হোৱা আৰু ক্ষতিগ্ৰস্থ লোকসকললৈ সাহায্যসমূহ প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে, অসমৰ নগাঁও জিলাৰ বিভিন্ন ঠাইৰ লগতে আন আন ঠাইতো বুধবাৰে নিশা অহা প্ৰৱল ধুমুহাৰ ফলত কিছুসংখ্যক লোক আহত হয়।এতিয়ালৈ আহত লোকৰ সঠিক সংখ্যা জানিব পৰা হোৱা নাই।

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ধুমুহাই গছ-গছনি ভাঙ-ছিঙি তচনচ কৰাৰ লগতে বিহু মণ্ডপ আৰু ৰাজনৈতিক দলৰ কাৰ্য্যালয় সমূহৰ ব্যাপক ক্ষতিসাধন কৰে।