NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে গাঁৱবাসীৰ

Posted by: দীপক কুমাৰ পাঠক April 19, 2019 7:23 am
elephant-pic-1-750x375

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰী গাঁৱত জাকৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে গাঁৱবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

আতংকিত গাঁৱবাসীয়ে হাতীটোৱে সৃষ্টি কৰা সন্ত্ৰাসৰ ফলত গাঁও এৰি পলাই সুৰক্ষিত স্থানত আশ্ৰয় ল’বলগীয়া হৈছে।

বনৰীয়া হাতীটোৱে তাণ্ডৱ চলাই দুটা পৰিয়ালৰ বাসগৃহ ধ্বংস কৰাৰ লগতে কেইবাজোপাও তামোল আৰু নাৰিকলৰ গছ ভাঙি পেলায়।

হাতীৰ আক্ৰমণত ফিজো মোছাহাৰী নামৰ গাঁৱৰ এজন লোক গুৰতৰভাৱে আহত হয় আৰু তেওঁক ততাতয়াকৈ হাস্পাতলত ভৰ্তি কৰা হয়।

গাঁৱবাসীয়ে হাতীটোক জোৰ লৈ খেদি পঠোৱাৰ যত্ন কৰে যদিও তেওঁলোকৰ চেষ্টা ব্যৰ্থ হয়। ৰাতি পুৱাৰ লগে লগে হাতীটোৱে গাঁও এৰি পাহাৰলৈ গুচি যায়।

বনৰীয়া হাতীয়ে বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্ত অঞ্চলৰ গাঁৱত কেইবা বছৰ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

বছৰ বছৰ ধৰি গাঁৱবাসীয়ে নিদ্ৰাহীন নিশা পাৰ কৰি আহিছে। জনসংখ্যা বৃদ্ধিৰ ফলত মানুহে হাতীৰ আৱাসস্থলীত বেদখল কৰাৰ বাবেই প্ৰায়েই হাতীৰ জাক জংঘলৰ পৰা খাদ্যৰ সন্ধানত গাঁৱলৈ ওলাই আহে। ইয়াৰ ফলতেই হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে।