NORTHEAST NOW (Assamese)
অসম

আন এজনে আলফা (স্বাঃ)ৰ ম্যানমাৰ শিবিৰ ত্যাগ কৰাৰ খবৰ; সদস্যজনৰ ঘৰ নলবাৰীত

Posted by: এন ই নাও নিউজ April 20, 2019 6:59 am
Ulfa_Flag Centre extends ban on ULFA

বিহুৰ পিছতেই আলফা (স্বাঃ)ৰ শিবিৰ এৰি আন এজন যুৱকে অৰুণাচল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলি খবৰ পোৱা গৈছে।

একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, উদগিৰণ অসম নামৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ এজন সদস্যই ম্যানমাৰৰ শিবিৰ ত্যাগ কৰি যোৱা ১৮ এপ্ৰিলত অৰুণাচলৰ লাজু আৰক্ষীৰ ব’ৰ্ডাৰ চেকপোষ্টত আত্মসমৰ্পণ কৰে।

নলবাৰীৰ যৱুকজন আলফা স্বাধীনৰ মেজৰ জেনেৰেল জীৱন মৰাণৰ ষ্টাফ অফিচাৰ হিচাপে দায়িত্বত আছিল। অৰুণাচল আৰক্ষীয়ে শুকুৰবাৰে নিশা তেওঁক অসম আৰক্ষীৰ হাতত গতাই দিয়ে। সূত্ৰবোৰে কয়।

ম্যানমাৰৰ চাগাইং ডিভিজনৰ টাগাত বাৰ্মিজ আৰ্মিৰ অভিযানৰ পিছতে বিদ্ৰোহী সংগঠনটোৰ সদস্যসকলৰ মাজত ম্যানমাৰৰ শিবিৰ এৰি অহাৰ প্ৰৱণতা বৃদ্ধি পোৱা দেখা পোৱা গৈছে। যোৱা ডেৰ-দুমাহত শিবিৰ এৰি মূল সুঁতিলৈ ঘূৰি অহা সদস্যৰ সংখ্যা কমেও ১০জন হ’ব পাৰে।

এই বছৰৰ ফেব্ৰুৱাৰিত ম্যানমাৰৰ ভূখণ্ডত থকা আলফা (স্বাঃ)ৰ শিবিৰত ম্যানমাৰ সেনাৰ আক্ৰমণৰ সময়ত মে’জৰ জ্যোতিৰ্ময় অসমৰ মৃত্যু হোৱাৰ লগতে সংগঠনটোৰ আন কেইজনমান সদস্যও হতাহত হৈছিল। শিবিৰটোত থকা সদস্যসকল ছেদেলি-ভেদেলি হৈ পৰিছিল।

অতি শেহতীয়াকৈ যোৱা ৩১ মাৰ্চত সংগঠনটোৰ দুজন সদস্য ক্ৰমে পেঙেৰী থানাৰ অন্তৰ্গত টেকেৰী মৰান গাওঁ‌ চুবুৰীৰ পোনাকণ চেতিয়া ওৰফে ৰজনী অসম (২৩) আৰু কাকপথাৰ থানাৰ অন্তৰ্গত বৰমাইথঙৰ জিণ্টু সোণোৱাল ওৰফে টুটুল অসমে আত্মসমৰ্পণ কৰিছিল।