NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত ২৩ জানুৱাৰিত বাথৌ দিৱস উদযাপনৰ ব্যাপক আয়োজন

Posted by: ৰিনয় বসুমতাৰী January 19, 2018 10:50 pm

কোকৰাঝাৰৰ বাথৌ পৰম্পৰাগত আৰু সাংস্কৃতিক কেন্দ্ৰই ‘গ্বথৰ বাথৌ চান’ বা বাথৌ দিৱস আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। অনুষ্ঠানটো দিনজোৰা কাৰ্য্যসূচীৰে অহা ২৩ জানুৱাৰিত কোকৰাঝাৰৰ বাগানচালিত থকা বাথৌ থানশালীত অনুষ্ঠিত হ’ব।

অনুষ্ঠানটোৰ অংশ হিচাপে বিশ্বশান্তিৰ বাবে এক ৰাজহুৱা প্ৰাৰ্থনা অনুষ্ঠিত হ’ব। বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰিয়ে মুখ্য অতিথি হিচাপে ভাগ ল’ব লগা এক মুকলি সভাৰ উপৰি এটা বাথৌ সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হ’ব।

অনুষ্ঠানটো সূচাৰুৰূপে পৰিচালিত হোৱাৰ বাবে বি টি চিৰ প্ৰাক্তন কাৰ্য্যবাহী মনো কুমাৰ ব্ৰহ্মৰ অধ্যক্ষতাত এখন শক্তিশালী আদৰনি সমিতি গঠন কৰা হৈছে।

আদৰণি সমিতিৰ অধ্যক্ষ ব্ৰহ্মই কয় মাঘ মাহৰ ২য় মংগলবাৰটো বড়োসকলে বাথৌ দিৱস হিচাপে পালন কৰে। এইবছৰো দিৱসতো বিভিন্ন ধৰ্মীয় কাৰ্য্যসূচীৰে সঠিক ভাৱে উদযাপন কৰা হ’ব।

অসম চৰকাৰে এইবছৰ বাথৌ দিৱসৰ দিনটো সম্পূৰ্ণ ছুটীৰ দিন হিচাপে ঘোসণা কৰিছে।