NORTHEAST NOW (Assamese)
অসম

আই পি এলত বিহু নাচ ৰিয়ানৰ, Video ভাইৰেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2019 5:13 pm
Video|| Riyan Parag's bihu dance in IPL going viral

মুম্বাই ইন্দিয়ানছৰ বিৰুদ্ধে শেহতীয়া খেলত চমকপ্ৰদ প্ৰদৰ্শনেৰে চৰ্চালৈ অহা ৰিয়ান পৰাগে দেলহি কেপিতেলছৰ বিপক্ষে সফলতাৰ মুখ নেদেখিলেও অসমৰ খেলুৱৈগৰাকীৰ বিহু নাচৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

দিল্লীৰ দলটোৰ অধিনায়ক শ্ৰেয়াস আয়াৰৰ ৱিকে’ট দখলৰ পিছতে নাচি উঠা অসমৰ অলৰাউণ্ডাৰগৰাকীৰ ভিডিঅ’টো আই পি এলৰ অফিচিয়েল টুইটাৰ হেন্দলটোৱে ৰাজহুৱা কৰিছে।

দেশত সাধাৰণ নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে গুগল ত্ৰেন্দছতটো ৰিয়ানে স্থান দখল কৰিছে।

ৰিয়ানৰ দল ৰাজস্থান ৰয়েলছ পৰাজিত হোৱা সোমবাৰৰ খেলখনত তেওঁ ৩ অ’ভাৰ বলিং কৰি ৩৫ ৰানৰ বিনিময়ত ৮.৩৩ ইকনমিৰে ১টা ৱিকে’ট দখল কৰিছিল। ৰিয়ানৰ বলত দিল্লীৰ অধিনায়ক আয়াৰে মিড ৱিকে’টত বেন স্ত’কছৰ হাতত বল তুলি দি বিদায় লয়।

আনহাতে বেটিঙতো অসমৰ খেলুৱৈজন বিফল হৈছিল। ৩টা বলত এটা বাউন্দেৰিৰে ৪ ৰান কৰা ৰিয়ানৰ কাগিছ’ ৰাবাদাৰ বলত খুটি উৰি যায়।

২০ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৪৩ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলি ৰাজস্থান ৰয়েলছৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰিয়ানে মাত্ৰ ৭ ৰানৰ বাবে আই পি এলত ইতিহাস সৃষ্টি কৰাৰ পৰা দূৰৈত ৰৈছিল।

মেচখনত অৰ্ধ শতক অৰ্জন কৰিবলৈ সক্ষম হোৱাহেঁতেন ১৭ বছৰীয়া ৰিয়ান হৈ পৰিলেহেঁতেন আই পি এলত অৰ্ধ শতক অৰ্জন কৰা কনিষ্ঠতম ক্ৰিকেটাৰ।

পঞ্চম স্থানত বেট ধৰিবলৈ অহা ৰিয়ানৰ শ্বটসমূহে তাৰকা খেলুৱৈৰ প্ৰশংসা লাভ কৰিছিল।

প্ৰাক্তন ৰঞ্জি খেলুৱৈ পৰাগ দাস আৰু ৰাষ্ট্ৰীয় অভিলেখকাৰী সন্তৰণবিদ মিথু বৰুৱাৰ পুত্ৰ ৰিয়ানৰ যোৱা ১১ এপ্ৰিলত ছাৱাই মানসিং ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আই পি এলত অভিষেক ঘটিছিল।