NORTHEAST NOW (Assamese)
অসম

এজাহাৰ আৰু বিতৰ্কৰ পিছত ক্ষমা বিচাৰিলে হজৰত মহম্মদৰ বিষয়ে কটূক্তিৰে ফে’চবুক পোষ্ট দিয়া মোজাহিদুল ইছলামে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2019 12:11 pm
Mujahidul Islam Facebook Post

হজৰত মহম্মদৰ চৰিত্ৰৰ বিষয়ে ফে’চবুকত পোষ্ট দি বিতৰ্কৰ সন্মুখীন হোৱা খাৰুপেটীয়াৰ মোজাহিদুল ইছলাম ওৰফে Muzahidul Eros নামৰ যুৱকজনে অৱশেষত ক্ষমা খুজিছে সকলোৰে ওচৰত।

“মই অলপতে নবী মহম্মদৰ ওপৰত যি অসন্মানসূচক পোষ্ট কৰি ইছলাম ধৰ্মীয় ৰাইজৰ অনুভূতিত যি আঘাত দিছো তাৰ বাবে দুখিত”, নিজৰ টাইমলাইনত অন্য এটা পোষ্টত অনুতপ্ত মোজাহিদুলে কয়।

জানিব পৰা মতে, পূৰ্বৰ বিতৰ্কিত পোষ্টটোৰ পিছতে মোজাহিদুলৰ বিৰুদ্ধে খাৰুপেটীয়া থানাত এখন এজাহাৰো দাখিল কৰিছে ইত্তেহাদ ফ্ৰণ্ট, অসম নামৰ সংগঠন এটাৰ ৰাজ্যিক সাধাৰণ সম্পাদক নূৰ ইছলামে। এজাহাৰৰ ভিত্তিত ১৬১/১৯ নম্বৰত এটা গোচৰ ৰুজু হৈছে থানাখনত।

Mujahidul Islam pardon
মোজাহিদুলে ক্ষমা খুজি ২২ এপ্ৰিলত দিয়া পোষ্টটোৰ স্ক্ৰীনশ্বট।

মোজাহিদুলৰ ঘৰ দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত ২নং কুঁৱৰী পুখুৰী গাঁৱত। দেউতাকৰ নাম ওমৰ আলী।

ফেচবুকত নিজৰ সংক্ষিপ্ত পৰিচয়ত “Myself an Atheist, believe in work, belongs to Humanity….” বুলি লিখা যুৱকজনে বিতৰ্কৰ পিছতে ২২ এপ্ৰিলত দিয়া শেহতীয়া পোষ্টটোত কয়, “দয়া কৰি কোনেও যাতে মোৰ ঘৰত আহি অশান্তিৰ সৃষ্টি নকৰে, এয়াই আপুনাসৱলৈ বিনম্ৰ অনুৰোধ”।

ইছলামধৰ্মী বহুতো লোকৰ ক্ৰোধৰ উদগিৰণ ঘটোৱা পোষ্টটোত মোজাহিদুলে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ চৰিত্ৰৰ কিছুমান দিশৰ উল্লেখ কৰি কটূক্তি কৰিছিল। ইছলাম ধৰ্ম ত্যাগ কৰি মানৱ ধৰ্ম লোৱা বুলি ঘোষণা কৰা মোজাহিদুল মহম্মদৰ সমালোচনাত সততে সৰৱ হৈছিল।

ফেইচবুকত বহুতে তেওঁক ওলোটাই আক্ৰমণ কৰিছিল, যিসকলক মোজাহিদুলে “মহম্মদৰ লুচ্চা বাহিনী”ৰ দৰে শব্দ ব্যৱহাৰ কৰি প্ৰত্যুত্তৰ দিছিল।

নিজৰ নামটো আৰবী ভাষাৰ বুলি সোঁৱৰাই দিয়া এজক মোজাহিদুলৰ উত্তৰ আছিল, “আৰবী ভাষা মহম্মদৰ বাপেকে সৃষ্টি কৰিছে নেকি? … ইহুদিহঁতক সুধিব আৰবী জানে নে নাই?”

যোৱা দুদিনত এজাহাৰ ৰুজু আৰু অন্যান্য হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত মোজাহিদুলে ক্ষমা খোজাৰ সিদ্ধান্ত লয়।

মোজাহিদুলৰ দেউতাকেও মোজাহিদুলৰ ক্ষমা প্ৰাৰ্থনা পোষ্টটোৰ কমেণ্টত নিজকে দেউতাক বুলি পৰিচয় দি তেওঁৰ পুতেকক ক্ষমা কৰি দিবলৈ আহ্বান জনায়।