NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ৰবীনা টেণ্ডন : অসমৰ চাহবাগিছাক লৈ কি ক’লে বলীউদৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 28, 2019 8:16 pm
Rabina Tandan 1

দেওবাৰে বিয়লিভাগত গুৱাহাটীত আহি উপস্থিত হয় বলীউদৰ মোহময়ী তাৰকা অভিনেত্ৰী ৰবীনা টেণ্ডন। গুৱাহাটীৰ ভঙাগড়স্থিত দ্যা ব্লু উইনড’ আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্ৰীগৰাকীয়ে। উন্নত মানৰ গৃহ সাজ সজ্জাৰ সামগ্ৰী উপলব্ধ হোৱা উক্ত মলটো মুকলি কৰি উৎফুল্লিত হৈ পৰে অভিনেত্ৰীগৰাকী।

আজি লগতে অভিনেত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰ আৰু অসমৰ চাহপাতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাও দেখিবলৈ পোৱা যায়।

‘’গুৱাহাটীলৈ অহাৰ বাবে মই সুযোগ বিচাৰি ফুৰো। ইয়াৰ পূ্ৰ্বেও মোৰ বহুবাৰ গুৱাহাটীলৈ অহাৰ সুযোগ মিলিছে। গুৱাহাটীলৈ আহিলে মই বহু দীঘলীয়া সময় ধৰি থাকিবলগীয়া হয়। নৰ্থ ইষ্টৰ ভিতৰত গুৱাহাটী এখন বহুত সুন্দৰ মহানগৰ,’’-গুৱাহাটী মহানগৰ সন্দৰ্ভত এইদৰে কয় অভিনেত্ৰীগৰাকীয়ে।

তদুপৰি, মহানগৰীত বাস কৰা সকলোকে শুভেচ্ছা জনাই টেণ্ডনে কয়, ‘’গুৱাহাটীত থকাসকলক শুভেচ্ছা দিব খুজিছো, তেওঁলোকে ইমান এখন ধুনীয়া ঠাইত বসবাস কৰি আছে আৰু অতি ধুনীয়াকৈ গুৱাহাটীখনক ৰাখিছে। গতিকে চহৰখন পৰিস্কাৰ আৰু স্বাস্থ্যকৰ কৰি ৰাখিব লাগে।‘’

Rabina Tandan 2
গুৱাহাটীত সংবাদমাধ্যমৰ আগত বক্তব্য ৰখাৰ মুহূৰ্তত ৰবীনা টেণ্ডন।

আনহাতে, অসমৰ চাহ বাগিছাসমূহৰ প্ৰাকৃতিক সৌন্দৰ্য্যতা অতিকৈ মনোমোহা বুলি মন্তব্য কৰে ৰবীনাই।

তেওঁ কয়, ‘’গুৱাহাটীৰ পৰা অলপ দূৰ গ’লেই বহুতো চাহ বাগিছা দেখিবলৈ পোৱা যায়। অসমৰ চাহ বাগিছাসমূহো অতি মনোমোহা।‘’

তাৎপৰ্য্যপূৰ্ণভাৱে, মুম্বাই নিবাসী টেণ্ডনে এইবাৰৰ পৰা ঘৰ সজোৱা সামগ্ৰী ক্ৰয়ৰ বাবে গুৱাহাটীলৈ আহিব বুলিও উল্লেখ কৰে।

‘’এখন ঘৰত মহিলা এগৰাকী থাকিলেই ঘৰৰ সৌন্দৰ্য্যতা বৃদ্ধি পায়। কিন্তু মহিলাগৰাকীয়ে সজালে-পৰালে সেই ঘৰখনৰ সৌন্দৰ্য্যতা সোণত সুৱগা চৰে। মোৰ ঘৰৰ বজাৰ কৰিবলৈ হ’লে মই পুনৰবাৰ গুৱাহাটী আহিম, কিয়নো ব্লু উইনডোত মই সকলোবোৰ ঘৰ সজোৱা সামগ্ৰী পাম বুলি ভাবিছো,’‘-টেণ্ডনে এইদৰে কয়।

আনহাতে, দ্য ব্লু উইনডোৰ অংশীদাৰ তথা ইন্টেৰিয়ৰ ডিজাইনাৰ প্ৰকাশ আগৰৱালাই মুকলি অনুষ্ঠানত উপস্থিত থাকি কয়, ‘’দ্য ব্লু উইনডোই আকৰ্ষণীয় ফাৰ্ণিচাৰ, গৃহসজ্জাৰ আচবাবৰ প্ৰয়োজনীয় চাহিদা প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰাই পূৰণ কৰিব।‘’

উক্ত শ্বপিং মলত উচ্চমানৰ আধুনিক চোফা, ডাইনিং, কুশ্বন, শোৱনি কোঠাৰ সামগ্ৰীও উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে।