NORTHEAST NOW (Assamese)
অসম

অভি-নীলৰ স্মৃতিত গঠন হ’ব মেমৰিয়েল ট্ৰাষ্ট

Posted by: এন ই নাও নিউজ April 29, 2019 7:42 am

এবছৰৰ পূৰ্বে কাৰ্বিআংলঙৰ ডকমকাত দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হোৱা দুই যুৱক অভি-নীলৰ স্মৃতিত গঠন হ’ব মেমৰিয়েল ট্ৰাষ্ট। আৰু এই ট্ৰাষ্টৰ লক্ষ্য এখন পশু চিকিৎসালয়, আৰ্ট আৰু মিউজিকৰ ওপৰত কাম কৰা।

ৰাজ্যবাসীয়ে পাহৰা নাই অভি-নীলক। অভি-নীলৰ হত্যাকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ হ’বলৈ মাত্ৰ এটা মাহ হে বাকী থকা অৱস্থাতো বৰ্তমানলৈকে ঘটনাত জড়িত আটাইকেইজনকে আটক কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী। মুঠ ৪৮ জন অভিযুক্তৰ ১৯ জনহে বৰ্তমানলৈকে চিনাক্ত হৈছে।

নীলৰ পিতৃ গোপাল চন্দ্ৰ দাসে জানিবলৈ দিয়া মতে ৫ জন প্ৰত্যক্ষদৰ্শীয়ে সাক্ষ্য প্ৰদান কৰাৰ ভিত্তিত এই ১৯ জনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। অভি-নীলৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান সাক্ষ্য দানৰ পৰ্যায়ত আছে। মুঠ ৪৮ গৰাকী হত্যাকাৰীৰ ১৯ জনক হে ১৫ জন সাক্ষীৰ পৰা সাক্ষ্য লৈ কৰায়ত্ত কৰিছে আৰক্ষীয়ে।

আনহাতে অভিৰ পিতৃয়ে দোষ প্ৰকাশ কৰি কয় যে যি ১৯ জন হত্যাকাৰী আৰক্ষীৰ জিম্মাত আছে সেই কেইজনক দেখিলে তেওঁ অনুভৱ কৰে তেওঁলোক অনুতপ্ত নহয়। সময় সুবিধা আৰু সুযোগ পালে সেই হত্যাকাৰী কেইজনে পুনৰ একে ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰিব । গতিকে ঘটনাটোৰ দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ তেওঁ আহ্বান জনায় ৷

লগতে পুত্ৰৰ স্মৃতিত অভি-নীল মেমৰিয়েল ট্ৰাষ্ট গঠনৰ কাম পৰিয়ালবৰ্গই হাতত লোৱাৰ কথা জানিবলৈ দিয়ে। এখন পশু চিকিৎসালয় নিৰ্মাণ, আৰ্ট আৰু মিউজিকৰ ওপৰত কাম কৰাৰ লক্ষ্যৰে এই মেমৰিয়েল ট্ৰাষ্ট গঠন কৰা হৈছে বুলিও জানিবলৈ দিয়ে।