NORTHEAST NOW (Assamese)
অসম

চৰকাৰে ল’ব ঐতিহাসিক জোনবিল মেলাৰ আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপঃ জোনবিলত ঘোষণা মুখ্যমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ January 20, 2018 10:32 pm
জোনবিলত অসমৰ মুখ্যমন্ত্ৰী

জোনবিল মেলাৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত ফলপ্ৰসূ আৰু বাস্তৱমুখী পদক্ষেপ গ্ৰহণৰ বাবে মেলাখনৰ সকলো দিশ সামৰি ৰাজ্য চৰকাৰক এক বিস্তৃত প্ৰতিবেদন দাখিলৰ বাবে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাগীৰোড আৰু মৰিগাঁৱৰ বিধায়কদ্বয়ক নিৰ্দেশ দিছে।

মৰিগাঁৱৰ দৈয়াং বেলগুৰিত অনুষ্ঠিত জোনবিল মেলাত দিয়া মুখ্য অতিথিৰ ভাষণত এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী পৃষ্ঠপোষকতাৰ জৰিয়তে ঐতিহাসিক এই মেলাখনক পৰ্যটনৰ এক অন্যতম উৎস হিচাপে গঢ়ি তুলিব পৰা যাব।

কাৰ্বি, খাচি, জয়ন্তীয়া, তিৱা আদি বিভিন্ন জনজাতীয় লোকে কৃষিজাত সামগ্ৰী বিনিময় কৰা এই জোনবিল মেলাই এক বিৰল ঐতিহ্য বহন কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই মেলাখনক সমন্বয়ৰ তীৰ্থভূমি বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে যোৱা বছৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জোনবিল মেলাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ঘোষণা কৰা এক কোটি টকাৰ সাহায্য অসম চৰকাৰে ইতিমধ্যে মোকলাই দিছে।

আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কেইবাগৰাকী ৰজালৈ ৬০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে।