NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

নক্সালবাদীৰ আক্ৰমণত চহিদ হোৱা বীৰ জোৱানক শ্ৰদ্ধাঞ্জলি চি পি আই(এম)ৰ

Posted by: পিনাকী দাস Updated by: পিনাকী দাস May 3, 2019 1:50 pm
Pay tribute to Martyrs

মহাৰাষ্ট্ৰৰ গড়চিৰোলিত নক্সাল সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত প্ৰাণ আহুতি দিয়া চি আৰ পি এফৰ বীৰ জোৱান চহিদসকলৰ আত্মাৰ সদগতি কামনা কৰি বৃহস্পতিবাৰে ত্ৰিপুৰা চি পি আই (এম)ৰ যুৱ, জনজাতি আৰু ছাত্ৰ সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আগৰতলা চিটি চেণ্টাৰৰ সন্মুখত চি পি আই (এম)ৰ উক্ত সংগঠনকেইটাৰ যুৱ সদস্যসকল একত্ৰিত হৈ চহিদ জোৱানসকলৰ আত্মাৰ শান্তি কামনা কৰি হাতে হাতে মমবাতি লৈ এক মিনিট সময় মৌনতা অৱলম্বন কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থকা ডেম’ক্ৰেটিক য়ুথ ফেডাৰেশ্যন অব ইণ্ডিয়াৰ ৰাজ্যিক নেতা নবাৰুণ দেবে কয়, ‘মাওবাদীৰ বৰ্বৰ আক্ৰমণত চহিদ হোৱা বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমি মমবাতি জ্বলাইছো। আমি চহিদ পৰিয়ালৰ লগত আছো আৰু চহিদসকলক গভীৰ শ্ৰদ্ধা জনাইছো’।

উল্লেখ্য যে যোৱা দুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ গড়চিৰোলিত নক্সালবাদীয়ে সংঘটিত কৰা ভয়ংকৰ আই ই ডি বিস্ফোৰণত ১৫জনকৈ চি আৰ পি এফৰ জোৱান চহিদ হোৱাৰ লগতে এজন গাড়ী চালকৰো মৃত্যু হৈছিল।