NORTHEAST NOW (Assamese)
অসম

চি বি এচ ই দ্বাদশ শ্ৰেণীৰ ফলাফলত পূব ভাৰতৰ শীৰ্ষত তেজপুৰৰ তুষাৰ তায়াল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 3, 2019 5:27 pm
Tushar Tayal from Tezpur tops CBSE class XII exam in east India

বৃহস্পতিবাৰে ঘোষিত চি বি এচ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত গুৱাহাটী মণ্ডলৰ লগতে পূব ভাৰতৰ শীৰ্ষ স্থান অধিকাৰ কৰিছে তেজপুৰৰ আৰ্মি পাব্লিক স্কুলৰ ছাত্ৰ তুষাৰ তায়ালে।

তুষাৰৰ সৰ্বভাৰতীয় ৰেংক পঞ্চম।

মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৫ নম্বৰ লাভ কৰি পৰীক্ষাটোত তুষাৰে গড় ৯৯ শতাংশ নম্বৰ লাভ কৰিছে। তুষাৰে একাউন্তেন্সি, ইকনমিকছ আৰু চাইকলজিত ১০০ই নম্বৰ লাভ কৰাৰ লগতে ইংগ্লিশ্বত ৯৮, বিজিনেছ স্তাদিজত ৯৭ আৰু ফিজিকেল এজুকে’চনত ৯৯ নম্বৰ লাভ কৰিছে।

তুষাৰে নিজৰ সাফল্যৰ কৃতিত্ব “মাক-দেউতাক সংগীতা আৰু ৰৱিন্দ্ৰ তায়ালৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী”ক দিছে।

তুষাৰৰ মতে, তেওঁ মুখস্থৰ সলনি নিয়মীয়া পঢ়া-শুনাত অধিক গুৰুত্ব প্ৰদান কৰিছিল। তেওঁ সদ্যহতে দিল্লী বিশ্ববিদ্যালয়ত কমাৰ্চ পঢ়িব খোজে। বি কমৰ পিছত তেওঁৰ এম বি এ’ কৰাৰ মন।

উত্তৰ-পূবৰ আঠোখন ৰাজ্যক সামৰি গঠিত গুৱাহাটী মণ্ডলত এইবাৰ ৬৪.৪১ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ এই হাৰ যোৱা বছৰতকৈ ৪ শতাংশ কম।

চি বি এচ ইৰ তথ্য অনুসৰি ২০১৮ বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৬৮.৩ শতাংশ।