NORTHEAST NOW (Assamese)
অসম

চামগুৰিত অবৈধ মিলসহ জব্দ মূল্যৱান চোৰাং কাঠ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা May 4, 2019 6:16 pm
Smuggled timber, mill seized at Nagaon's Samaguri in Assam

নগাওঁ-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত ব্যাপক হাৰত  বনধ্বংসৰ অভিযোগৰ মাজতে শনিবাৰে দুপৰীয়া চামগুৰিৰ কনুৱামাৰীত বন বিভাগৰ অভিযানত জব্দ হৈছে এটা অবৈধ মিলসহ বহু পৰিমাণৰ মূল্যৱান চোৰাং কাঠ।

কনুৱামাৰীৰ আব্দুল ছাত্তাৰ নামৰ ব্যৱসায়ীজনৰ অবৈধ মিলটোত হোৱা চোৰাং কাঠখিনিৰ মূল্য বন বিভাগৰ মতে প্ৰায় পঞ্চাশ হাজাৰ টকা।

বন বিভাগৰ অভিযানত যোৱা বৃহস্পতিবাৰৰ পিছত চোৰাং কাঠ জব্দ হোৱাৰ এইটো দ্বিতীয় ঘটনা।

জব্দ কৰা মিল আৰু চোৰাং কাঠখিনি বৰ্তমান শালনা বনাঞ্চলিক কাৰ্য্যালয়ত ৰখা হৈছে।

শালনা আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ  বন পালক প্ৰণৱ বৰাৰ নেতৃত্বত  শালনা বনাঞ্চলিক কাৰ্য্যালয়, শালবাৰী, উদমাৰী আৰু চাপানালাৰ বনকৰ্মী তথা বনসুৰক্ষা বাহিনীয়ে চোৰাং কাঠৰ বিৰুদ্ধে যৌথ অভিযান চলায় আছে।

কাঠপাৰা, কনুৱামাৰীকে ধৰি অঞ্চলৰ কেইবাঠাইতো চোৰাং কাঠৰ ব্যৱসায় চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া।

পূৰ্বেও বন বিভাগে অভিযান চলাই কেইবাটাও অবৈধ কাঠ মিল উৎখাত কৰিছিল যদিও ৰহস্যজনকভাৱে পুনৰ সক্ৰিয় হৈ পৰিছে উৎখাত হোৱা মিলসমূহ।