NORTHEAST NOW (Assamese)
অসম

মাওবাদীৰে সংঘৰ্ষত চহিদ বিপুল বৰাৰ পৰিয়াললৈ মুখ্য মন্ত্ৰীৰ ২০ লাখ টকাৰ সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2019 7:10 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ৪ এপ্ৰিলত ছত্তীশগড়ৰ কানকেৰ জিলাত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুবৰণ কৰা সীমান্ত সুৰক্ষা বাহিনীৰ উপ-পৰিদৰ্শক চহিদ বিপুল বৰাৰ শিৱসাগৰ জিলাৰ ধনেখোৱা গাঁওস্থিত বাসগৃহলৈ গৈ আজি তেওঁৰ  প্ৰতিচ্ছবিত মাল্যাৰ্পণৰে শ্ৰদ্ধাঞ্জলি জনায়।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ সমবেত ৰাইজক কয় যে নৱ প্ৰজন্মই তেখেতৰ দেশপ্ৰেমৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অনুপ্ৰেৰণা লাভ কৰিব। জোৱানজনৰ ত্যাগ অথলে নাযায় বুলি উল্লেখ কৰি আজি দেশৰ নৱ প্ৰজন্ম বীৰ গৰাকীৰ ত্যাগৰ অদৰ্শৰে ৰাষ্ট্ৰখনৰ উন্নয়ন, সুৰক্ষাৰ দিশত দায়বদ্ধতাৰে উদ্বুদ্ধ হৈছে বুলিও সোণোৱালে কয়।

মুখ্য মন্ত্ৰীজনে জোৱানজনৰ পৰিয়ালৰ সদস্যক লগ ধৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে পত্নীৰ হাতত ২০ লাখ টকাৰ এখন চেক প্ৰদান কৰে।

আজিৰ সাক্ষাৎ কালত মুখ্য মন্ত্ৰীৰ সৈতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন গগৈ, বিধায়ক প্ৰদীপ হাজৰিকা আৰু কুশল দুৱৰী উপস্থিত থাকে।