NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলঙত সেনাৰ হাতত আটক দুজন ডিএনএলএৰ সদস্য

Posted by: এন ই নাও নিউজ May 4, 2019 10:25 pm
Nabbed-pic-1-1140x570

ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ এটা দলে অসম আৰক্ষীৰ সৈতে এক যৌথ অভিযানত কাৰ্বি আংলঙত ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মি (ডিএনএলএ)ৰ দুজন সদস্যক আটক কৰে।

পি আই বি (প্ৰতিৰক্ষা শাখা)ৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে যে এক অভিযান চলাই সেনা আৰু অসম আৰক্ষীয়ে দুটা কৌশলপূৰ্ণ যৌথ অভিযান চলোৱাৰ পাছত ডিএনএলএৰ সদস্য দুজন তেওঁলোকৰ জালত পৰে।

ধৃত সদস্য দুজনৰ পৰা এটা কাৰখানাত নিৰ্মিত .২২ এমএম পিষ্টলৰ লগতে গুলী বাৰুদ আৰু জাল নোট উদ্ধাৰ কৰা হয়।

উগ্ৰপন্থী সদস্য দুজনৰ গ্ৰেপ্তাৰ পূব কাৰ্বি আংলঙত ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ বাবে নিশ্চিতভাৱে এক মোক্ষম আঘাত বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।