NORTHEAST NOW (Assamese)
অসম

প্ৰস্তাৱিত গ্ৰেটাৰ নাগালিমৰ খচৰাৰ প্ৰতিবাদত সোমবাৰে ধৰ্ণা কাৰ্যসূচী পালন কৰিব হাফলঙত

Posted by: পঙ্কজকুমাৰ দেব January 21, 2018 5:47 pm

নগা খচৰা চুক্তি লৈ জাঙুৰ খাই উঠিছে ডিমা হাচাও জিলাৰ বিভিন্ন দল সংগঠন। লগতে জগদম্বা মালে কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পাৰ্বত্য জিলাত।

প্ৰস্তাৱিত গ্ৰেটাৰ নাগালিমত কোনো চৰ্ততেই ডিমা হাচাওক অন্তৰ্ভুক্ত কৰিব নিদিয়াৰ লগতে পৃথক উন্নয়ন কর্তৃপক্ষ গঠনত বাধা দিয়া হব।

এই প্ৰস্তাৱিত খচৰাৰ প্ৰতিবাদত  কাইলৈ হাফলঙত প্ৰতিবাদী ধৰ্ণাৰ লগতে ৰাজপথত সমদল উলিওৱা হব।

আনহাতে,  অহা তিনি দিনৰ ভিতৰত যদি জগদম্বা মালে ডিমা হাচাওত উপস্থিত হৈ ক্ষমা নিবিচাৰে তেতিয়া হ’লে আহি থকা গণৰাজ্য দিবস বৰ্জন কৰাৰ লগতে ২৫ জানুৱাৰীৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে ডিমা হাচাও জিলা বন্ধ ৰখা হ’ব।

ডিমাচা এপেক্স বডিৰ লগতে ডিমাচা ষ্টুডেন্ট ইউনিয়নৰ নেতা সকলে এই কথা স্পষ্ট কৰি দি কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এনে খচৰা চুক্তি প্ৰকাশ কৰা লৈ স্পষ্টীকৰণ দিব লাগে। আন্যথা পৰিস্থিতি বেলেগ দিশে গতি কৰিব।

উল্লেখ্য যে সংবাদ মাধ্যমত প্ৰকাশ হোৱা খচৰাৰ কোনো সত্যতা নাই বুলি এতিয়ালৈকে চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই।

তদুপৰি, এপেক্স বডিৰ সভাপতি কল্যাণ দাওলাগুপুয়ে স্পষ্ট কৰি কয় যে চৰকাৰে এনে সিদ্ধান্ত যদি একান্তই ল’ব বিচাৰে তেতিয়া হ’লে ডিমা হাচাও অসমক বাদ দি বেলেগ জনজাতীয় ৰাজ্যৰ লগত থাকিব বিচাৰিব। আনহাতে তেওঁলোকে সমুহীয়াভাৱে ধৰ্মান্তৰিত হোৱাৰ পক্ষত চামিল হ’ব।

অসমীয়া হোৱাৰ পাছতো যদি অসম চৰকাৰে ডিমা হাচাওৰ ৰাইজৰ কাৰণে মাত মতাত আগুৱাই নাহে তেতিয়াহ’লে নাগালিমত নহয়,  বেলেগ জনজাতীয় ৰাজ্যৰ লগত যোৱাটো মঙ্গল হব বুলি ভাবে ছাত্ৰ নেতা সকলে।