NORTHEAST NOW (Assamese)
অসম

এন আৰ চি: “মিছা আপত্তি” উঠাই ল’বলৈ আছু, এবছুক হাতজোৰ অনুৰোধ নৱ শৰণীয়াৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 7, 2019 6:09 pm
Assam NRC: Kokrajhar MP Naba Sarania pleads AASU, ABSU to withdraw 'fake' objections

চূড়ান্ত হ’বলৈ গৈ থকা এন আৰ চিত দাখিল কৰা “মিছা আপত্তি” উঠাই ল’বলৈ আছু আৰু এবছুক “হাতজোৰ” অনুৰোধ কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই।

আছু আৰু এবছু নেতাৰ “জোৰ-জবৰদস্তি”ত একাংশই বহু মানুহৰ বিৰুদ্ধে এন আৰ চি কৰ্তৃপক্ষত মিছা আপত্তি দিয়া বুলি সদৰী কৰি এনে অভিযোগ উঠাই ল’বলৈ সংগঠনকেইটাৰ লগতে চৰকাৰকো শৰণীয়াই আহ্বান জনাইছে।

“অভিযোগ যি দাখিল কৰিছিল তেঁৱেই নাজানে কিয় কাৰ বিৰুদ্ধে অভিযোগ দিছে। তেওঁক জোৰ-জবৰদস্তি অভিযোগ দিবলৈ কৈছিল আছু আৰু এবছু নেতাই। অজানিতে যদিও ভুল কৰিছে, তেন্তে হাতজোৰ কৰি কৈছো এইসমূহ উঠাই লওক,” দিচপুৰ প্ৰে’ছ ক্লাবত মঙলবাৰে সংবাদমেলযোগে শৰণীয়াৰ আহ্বান।

অভিযোগকাৰী ব্যক্তিয়েই এন আৰ চিৰ আপত্তিৰ শুনানিত উপস্থিত নোহোৱাৰ কথাও শৰণীয়াই সংবাদমেলত সদৰী কৰে।

“যাৰ বিৰুদ্ধে অভিযোগ দিছিল তেওঁলোক শুনানিলৈ আহিল, কিন্তু যিসকলে অভিযোগ দাখিল কৰিছিল সেইসকল শুনানিলৈ নাহিল,” বহু মানুহৰ বিৰুদ্ধে বাচ-বিচাৰ নকৰাকৈ অভিযোগ দিয়া বুলি উল্লেখ কৰি শৰণীয়াই কয়।

অতি শেহতীয়াকৈ আমছুৱেও সাংসদ শৰণীয়াৰ সৈতে অনুৰূপ অভিযোগ উত্থাপন কৰিছিল।

কোকৰাঝাৰৰ এজন অভিযোগকাৰী ব্যক্তিয়ে তেওঁক জোৰ-জবৰদস্তি আপত্তি দাখিল কৰিবলৈ দিয়া বুলি জিলা উপায়ুক্তক দিয়া আবেদন দাঙি ধৰি সংখ্যালঘু সংগঠনটোৱে এই দাবী কৰিছিল।

পিছত অৱশ্যে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে এই সন্দৰ্ভত এটি স্পষ্টীকৰণ দিছিল। বড়োৱে জনাইছিল যে এবছুৰ নেতৃত্বৰ পৰা তলৰ সদস্যসকললৈ এইধৰণৰ বলপূৰ্বক আৰু মিছা আপত্তি দাখিলৰ বাবে কোনো নিৰ্দেশ নাই।

আনহাতে “আপত্তি”ক লৈ মুখ খোলাৰ লগতে শৰণীয়াই দাবী কৰিছে যে এন আৰ চি প্ৰক্ৰিয়াটো একাংশই সম্পূৰ্ণ হোৱাটো বিচৰা নাই।

এন আৰ চিৰ আপত্তিত ওলোৱা এই গণ্ডগোলসমূহ তেনে কিছুসংখ্যক লোকৰে “ৰাজনৈতিক ষড়যন্ত্ৰ” বুলিও শৰণীয়াই সন্দেহ প্ৰকাশ কৰিছে।

তেওঁ লগতে কয় যে মিছা অভিযোগ দাখিল কৰাসকল এতিয়া শংকিত আৰু তেওঁ “ন্যায়ৰ যুঁজ” সদায় দি যাব।

আনহাতে কোকৰাঝাৰ সমষ্টিত এইবাৰো বিপুল ভোটত জয়ী হ’ব বুলি সাংসদগৰাকীয়ে দাবী কৰিছে।

“মেচিন গণ্ডগোল কৰিলেহে বি টি চিত বি পি এফ জিকিব পাৰিব। ৬ লাখৰ ব্যৱধানত মই জয়ী হ’ম বুলি আশাবাদী। প্ৰমীলাই২ লাখৰ বেছি ভোট নাপায়, কংগ্ৰেছে লৈ যাব ৭০-৭৫ হাজাৰ ভোট,” শৰণীয়াই কয়।