NORTHEAST NOW (Assamese)
অসম

‘ফেনি’ বিধ্বস্ত উৰিষ্যালৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য ভুৱনেশ্বৰ কলিতাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 7, 2019 8:34 pm
Bhubaneshwar Kalita

ভয়াৱহ ঘূৰ্ণী বতাহ ফেনিৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা উৰিষ্যাৰ লোকসকলক সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে ৰাজ্যসভাৰ সাংসদ তথা এইবাৰৰ লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ভুবনেশ্বৰ কলিতা।

ঘূৰ্ণী বতাহৰ প্ৰভাৱত বিধ্বস্ত হৈ পৰা উৰিষ্যাবাসীৰ কাষত থিয় হোৱা তথা আৰ্থিকভাৱে কিছু সহায় কৰাৰ উদ্দেশ্যে অসমৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে চৰকাৰৰ সাহায্য পুঁজিলৈ ১০ লাখ টকা আৰ্থিক অনুদান আগবঢ়ায়।

ৰাজ্যসভাৰ সাংসদগৰাকীৰ উপৰি বলিউদৰ অভিনেতা অক্ষয় কুমাৰেও সাহায্য পুঁজিলৈ এক কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। তদুপৰি উৰিষ্যাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কে নিজৰ একবছৰৰ পাৰিশ্ৰমিক সাহায্য পুঁজিলৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে বংগোপ সাগৰত সৃষ্টি হোৱা ভয়ংকৰ সামুদ্ৰিক ঘূৰ্ণী বতাহ ফেনিয়ে যোৱা শুকুৰবাৰে তীৰ্থনগৰী পুৰীৰে উৰিষ্যাত প্ৰৱেশ কৰি ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন কৰে। ইয়াৰ ফলত ৰাজ্যখনৰ বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ উপৰি আশ্ৰয়হীন হৈ পৰিছে হাজাৰ-হাজাৰ পৰিয়াল।

ঘূৰ্ণী বতাহৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱা উৰিষ্যাক এতিয়া সহায়ৰ বাবে দেশবাসীক আহ্বান জনাইছে বলিউদৰ বহু অভিনেতাই।