NORTHEAST NOW (Assamese)
অসম

বাঘৰ আক্ৰমণত নিহত লোকৰ পত্নীয়ে আজিও লাভ নকৰিলে ‘ঘোষিত সাহায্যৰ ধন’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 7, 2019 10:40 pm
Durvogiya-Konmani

২০১৭ চনৰ ১২ নৱেম্বৰৰ দিনা ধীৰেনপাৰাত আনোৱাৰ আলি নামৰ এজন টেম্প’ চালক নাহৰফুটুকীৰ আক্ৰমণত মৃত্যুক আকোৱালি ল’বলগীয়া হৈছিল। স্বামীৰ মৃত্যুত আনোৱাৰৰ পত্নী আৰিফা বেগম ওৰফে ৰঞ্জিতা দেৱী তেওঁৰ পুত্ৰৰে সৈতে অতি দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।

বন বিভাগৰ পৰা আনোৱাৰৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰাৰ লগতে বন বিভাগৰ পৰা মুকলি কৰি দিয়া হ’ল বুলিও পত্ৰ লাভ কৰিলে দুৰ্ভগীয়া আৰিফাই। কিন্তু ডেৰ বছৰৰ অন্ততো আজি পৰ্য্যন্ত ঘোষিত সাহায্য লাভ নকৰাত হতাশাত ভুগিছে আৰিফা। বাৰেপতি পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনলৈ অহা-যোৱা কৰি থকা আৰিফাক হুহুকা-পিছলা কৰি প্ৰায় ৬-৭ মাহ পিছুৱালে সংশ্লিষ্ট বিষয়াই।

‘’মোক বন বিষয়াই সকলো কাগজ-পত্ৰ দিছে। পাবলগীয়া ধন মুকলি হোৱা বুলি মোলৈ অহা কাগজখনত আছে। ৬-৭ মাহ হৈ গ’ল কাগজখন পোৱা। কিন্তু ধনৰ নামত এক টকাও লাভ কৰা নাই। আজি হ’ব, কালি হ’ব বুলি মোক ঘুৰাইয়ে আছে। অৰণ্য ভৱনত মাতিছিল তাতো বাৰেপতি গৈ আছো। আহিব নালাগে ফোন কৰিলেই হ’ল বুলি মোক কয়। ফোন কৰিলেও ফোন ৰিচিভ নকৰে।‘’ নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এইদৰে কয় আৰিফাই।

ইপিনে, অৰণ্য ভৱনতে কৰ্মৰত গোপাল ছেত্ৰী নামৰ বিষয়াজনে খেলি-মেলি কৰি থকা বুলি গুৰুতৰ অভিযোগ তোলে ৰঞ্জিতা দেৱীয়ে।

তদুপৰি, আৰিফাৰ ৭ বছৰীয়া ল’ৰাটোক স্কুললৈ পঠিয়াইছে যদিও স্কুলৰ মাছুল দিয়াৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় আৰিফা।

আনহাতে, পি.কে চিকিউৰিটী চাৰ্ভিছৰ অধীনত চিকিউৰিটী গাৰ্ডৰ চাকৰি কৰি আছে যদিও তাৰ পৰা লাভ কৰা সামান্য মজুৰিৰে কণমানিৰ সৈতে ঘৰখন চলোৱাত আৰিফা চৰম অসুবিধাৰ সন্মুখীন হৈছে।

ইপিনে, ৰঞ্জিতা ব্ৰাহ্মণ পৰিয়ালৰ জীয়ৰী হৈয়ো মুছলমান সম্প্ৰদায়ৰ লোকৰ সৈতে বিবাশপাশত আৱদ্ধ হোৱাৰ বাবে তাইক ঘৰৰ মানুহেও এলাগী কৰা বুলি আমাক জনায়। লগতে স্বামীৰ পৰিয়ালেও কোনোধৰণৰ খা-খবৰ নলয় আৰিফাৰ।

প্ৰশ্ন হয়, চৰকাৰৰ বিয়াগোম বন বিভাগটোৱে মোকলাই দিয়া সাহায্যৰ ধন আদবাটতে হৰলুকি হ’ল নেকি? নে কাৰ জেপত সোমাল দুৰ্ভগীয়া আৰিফালৈ চৰকাৰৰ ফালৰ পৰা অহা ধন? চৰকাৰৰ পৰা প্ৰাপ্য সাহায্যৰ পৰা বঞ্চিত হৈ দুৰ্ভগীয়া আৰিফাই এনেদৰেই দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লাগিব নেকি?

ধীৰেনপাৰাৰ চম্পাৱতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষতে বাস কৰা দুৰ্ভগীয়া আৰিফাই নৰ্থ ইষ্ট নাওৰ জৰিয়তে বন বিভাগে মোকলাই দিয়া ৪ লাখ টকা দিবৰ বাবে কাতৰ আহ্বান জনায়।

উল্লেখযোগ্য যে,  নাহৰফুটুকীটো আৱিৰ্ভাব হোৱা ধীৰেনপাৰাৰ প্ৰাথমিক বিদ্যালয়ৰ এটা কোঠাত এটি সৰু ল’ৰা আৱদ্ধ হৈ থকা বুলি আনোৱাৰে জানি মানবীয়তাৰ খাতিৰত বাঘটোৰ সন্মুখৰ পৰা ল’ৰাটোক উদ্ধাৰ কৰে যদিও নাহৰফুটুকীৰ আক্ৰমণত আনোৱাৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ জিএমচিএইচলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ অভাৱত চাৰিদিন পাছতেই অৰ্থ্যাৎ ১৬ নবেম্বৰত তেওঁ মৃত্যুক সাৱটি লৈছিল।