NORTHEAST NOW (Assamese)
অসম

খাৰুপেটিয়াৰ পৰা বৃহৎ জুৱাৰ ঘাটি উৎখাত, ৮জনক আটক

Posted by: মযূখ গোস্বামী January 21, 2018 8:33 pm
ধৃত ৮ জুৱাৰি

যোৱা ১০ জানুৱাৰিত সংঘটিত ধুলা কাণ্ডই জোকাৰি যোৱা দৰং আৰক্ষীক শেহতীয়াভাৱে অপৰাধীৰ বিৰুদ্ধে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

শনিবাৰে চলোৱা এক অভিযান কালত দৰং আৰক্ষীৰ দলে খাৰুপেটিয়া অঞ্চলৰ পৰা এটা বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰিছে। উক্ত অবৈধ ঘাটিতো উৎখাত কৰাৰ পিছতে দাঁতিকাষৰীয়া বিভিন্ন স্থানৰ পৰা ৮জনকৈ জুৱাৰিক আটক কৰা হৈছে।

দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিঠ থিৰাভিয়ামে এন ই নাওক জনাই যে, শনিবাৰে আবেলি জিলাখনৰ উপ আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাইৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে খাৰুপেটিয়া থানাৰ অন্তৰ্গত বালুগাওঁ বজাৰৰ ওচৰৰ এক স্থানত অভিযান চলাই উক্ত জুৱাৰ ঘাটিতো উৎখাত কৰে।

আনহাতে আৰক্ষীয়ে আটক কৰা ধৃত ৮জন জুৱাৰিৰ ৫ জনৰ ঘৰ ঘনছিমালু গাৱঁত হোৱাৰ বিপৰীতে আন তিনিজন ক্ৰমে খাৰুপেটিয়া টাউন, নিজ বৰুৱাঝাৰ আৰু মণ্ডলপাৰা অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। লোককেইজনৰ পৰা ৩০,৫০০ টকা জব্দ কৰা হৈছে।

আটাইকেজন ধৃত অভিযুক্তক আছাম গেম এণ্ড বেটিং এক্ট ১৯৭০ অধীনৰ য়ু/এছ ১৪ত ভৰ্তি কৰাই দেওবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।