NORTHEAST NOW (Assamese)
অসম

বিশ্ব টাইকোৱানডোত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব লগা ৰ’দালি আৰু দীপিকাক আৰ্থিক সাহায্য ক্ৰীড়া সঞ্চালকালয়ৰ

Posted by: এন ই নাও নিউজ May 11, 2019 10:28 am
rodali baruah from Assam will represent Worls tykowando championship

মানেচেষ্টাৰত ১৫ মে’ৰ পৰা ১৯ মে’লৈ অনুষ্ঠিত হ’বলগীয়া বিশ্ব টাইকোৱানডো প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলগা অসমৰ প্ৰতিভাৱান টাইকানডো খেলুৱৈ ৰ’দালি বৰুৱা আৰু দীপিকা হাজৰিকাক প্ৰতিযোগিতাখনত ভাগ লোৱাৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া  আৰু যুৱ কল্যাণ বিভাগে শুকুৰবাৰে ১.৭০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে।

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ প্ৰধান সচিব বিশ্বৰঞ্জন চামালে দুয়োগৰাকী খেলুৱৈক আনুষ্ঠানিকভাবে চেকৰ জৰিয়তে ধনৰাশিখিনি প্ৰদান কৰে। অনুষ্ঠান ক্ৰীড়া সঞ্চালক ধৰ্মকান্ত মিলি আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে। দুয়োগৰাকী খেলুৱৈক চেক প্ৰদান কৰি  চামালে আগন্তুক প্ৰতিযোগিতাখনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উন্নত প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে।

বিশ্ব টাইকোৱানডো প্ৰতিযোগিতাখনত ৰ’দালিয়ে ৭৩ কেজি ঊৰ্দ্ধ শাখাত আৰু দীপিকাই ৪৬ কেজি অনূৰ্দ্ধ শাখাত ভাগ ল’ব।

উল্লেখযোগ্য যে, বিগত বৰ্ষত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছতো ভাৰতীয় টাইকোৱানডো দলক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল ৰ’দালিয়ে।