NORTHEAST NOW (Assamese)
অসম

হাইলাকান্দিৰ সংঘৰ্ষত হিন্দু-মুছলমান মৌলবাদী আৰু চৰকাৰৰ হাত ।।Video।।

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 12, 2019 7:40 pm
Akhil Gogoi sees government and Hindu-Islam fundamentalist's hands behind Hailakandi clash

হাইলাকান্দিৰ শেহতীয়া সাম্প্ৰদায়িক সংঘৰ্ষত চৰকাৰৰ পৃষ্ঠপোষকতা আৰু হিন্দু-মুছলমান উভয় ধৰ্মৰ মৌলবাদীৰ হাত আছে, দাবী অখিল গগৈৰ।

শাসক বিজেপিয়ে দেশজুৰি “সৃষ্টি” কৰিব বিচৰা “অস্থিৰ সাম্প্ৰদায়িক ৰাজনীতি”ক ঘটনাটোৰ সৈতে সাঙুৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে।

গগৈৰ মতে অসম আৰক্ষী আৰু ৰাজ্যৰ গৃ্হ বিভাগে ঘটনাটোৰ আগতেই খবৰ পাইছিল।

“গৃহ বিভাগে আটাইবোৰ খবৰ পায়ো সেই সংঘাত যাতে লাগে তাৰ বাবে সুযোগ দিছে। তাৰ বিৰুদ্ধে যি ব্যৱস্থা ল’ব লাগিছিল লোৱা নাছিল,” মুখ্য মন্ত্ৰী সোণোৱালৰ হাতত থকা বিভাগটোৰ ভূমিকা “দুৰ্ভাগ্যজনক” আৰু “নিন্দনীয়” আখ্যা দি দেওবাৰে গুৱাহাটীত গগৈৰ মন্তব্য।

লগতে পঢ়ক– বন্দী বিদেশী মুকলিৰ বিৰোধিতা কৃষক মুক্তিৰ, চৰকাৰক সমালোচনা

তেওঁ সকলো ধৰ্ম আৰু জাতি-গোষ্ঠীৰ লোককে “চৰকাৰৰ ফান্দত ভৰি নিদিব”লৈ আহ্বান জনাইছে।

লগতে পঢ়ক– নিহত এজন, সাম্প্ৰদায়িক সংঘৰ্ষত উত্তপ্ত হাইলাকান্দিলৈ ঢাপলি মন্ত্ৰী-শীৰ্ষ বিষয়াৰ

হাইলাকান্দিৰ শুকুৰবাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষত জাছিম হুছেইন (২৮) নামৰ এজন যুৱকৰ প্ৰাণ যোৱাৰ লগতে প্ৰায় ১৫জন লোক আহত হৈছিল।

উত্তেজনাই বিৰাজ কৰা বৰাকৰ চহৰখনৰ পৰিস্থিতি বৰ্তমানৰ নিয়ন্ত্ৰণাধীন বুলি জানিব পৰা গৈছে। ঘটনাৰ দিনা দুপৰীয়া ১ বজাত জাৰি কৰা সান্ধ্য আইন দেওবাৰে উঠাই লোৱাৰ কথা।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বন মন্ত্ৰী পৰিমল শূক্লবৈদ্য, বৰাকৰ আয়ুক্ত আনোৱাৰুদ্দিন চৌধুৰী আৰু অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ আগৰৱালাক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুখ্য মন্ত্ৰীয়ে হাইলাকান্দিলৈ প্ৰেৰণ কৰিছিল।

ঘটনাটোৰ তদন্তৰ দায়িত্ব দিয়া হৈছে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰাক।

নামাজক লৈ দুই ফৈদৰ কাজিয়াই শুক্ৰবাৰে দুপৰীয়া চহৰখন উত্তপ্ত কৰি তুলিছিল।