NORTHEAST NOW (Assamese)
অসম

জ্ঞানৰ আগত নগ্ন হয় দৰিদ্ৰতা; প্ৰমাণ কৰিলে বিশ্বনাথৰ দুগৰাকী ছাত্ৰই

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 15, 2019 7:09 pm
Screenshot_20190515-171018-01

বিশ্বানাথ চাৰিআলিৰ এটা সৰু ৰাজমিস্ত্ৰিৰ পৰিয়ালৰ সন্তান ৰাকী চাহুৱে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫.৮ শতাংশ নম্বৰেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়ত অভাৱগ্ৰস্ত পৰিয়ালটোৰ মেধাৱী ছাত্ৰজনৰ উচ্চ শিক্ষাৰ সপোন পূৰণ কৰাৰ বাবে সহায়ৰ হাত আগবঢ়াইছে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই।

ৰাকী চাহুৱে অংকত ১০০, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯৯, ইংৰাজীত ৯১, অসমীয়াত ৯১ আৰু কম্পিউটাৰ বিষয়ত ৯৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ৰকীৰ পিতৃ ৰঞ্জিত চাহুৱে ৰাজমিস্ত্ৰিৰ কাম কৰি পৰিয়ালটো পোহপাল দিয়াৰ লগতে ৰকীৰ পঢ়াৰ খৰছ বহন কৰিছিল।

ভবিষ্যতে এজন অভিযন্তা হোৱাৰ সপোন পুহি ৰখা ৰকীৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পঢ়াৰ সমস্ত খৰছ বহন কৰিবলৈ আগবাঢ়ি আহিছে মন্ত্ৰী ৰঞ্জিত দত্তই। খৰাশিমলূ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমাংগ হাজৰিকাই এই কথা সংবাদ মাধ্যমক অৱগত কৰে।

IMG-20190515-WA0030
বনিশা কোঁচ

আনহাতে, বিশ্বনাথৰ আন এগৰাকী পিতৃ আৰু মাতৃহাৰা ছাত্ৰীয়ে আজি ঘোষিত ফলাফলত ৯৩.৩ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। সৰুতে মাতৃক আৰু পৰীক্ষাৰ এমাহ পূৰ্বে পিতৃক হেৰুৱা বনিশা কোঁচ নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে খুৰাকৰ লগত থাকি পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ভবিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ স্বপ্ন কঢ়িয়াই ৰখা বনিশাৰ সপোনক বাস্তৱত পৰিণত কৰাৰ বাবে কোনোবাই সহায়ৰ হাত আগবঢ়াব বুলি আশাৰে বাট চাইছে দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালে।