NORTHEAST NOW (Assamese)
অসম

ঢোল পাহাৰত ‘বিষক্ৰিয়া’ৰ ফলত বনৰীয়া হাতীৰ মৃত্যু

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা May 16, 2019 9:49 am
Elephant dead body

অসমত অব্যাহত আছে হাতী আৰু মানুহৰ মাজত চলি থকা সংঘাত। হাতী আৰু মানুহৰ সংঘাতৰ পৰিণতিত নগাঁও জিলাৰ চামগুৰিত এটা বনৰীয়া হাতীয়ে প্ৰাণ হেৰুওৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

চামগুৰিৰ নিকটৱৰ্তী নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী উদমাৰিৰ ঢোল পাহাৰত মৃত্যু হোৱা বনৰীয়া হাতীটোৰ মৃতদেহ আজি পুৱাই স্থানীয় লোকে দেখে। লগে লগে উদমাৰি উপ-খণ্ড বন বিভাগৰ লোকক ৰাইজে খবৰ দিয়াৰ পিছতেই ঘটনাস্থলত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

খাদ্যত বিষক্ৰিয়া হৈয়ে হাতীটোৱে মৃত্যুক আকোঁৱালি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও পশু চিকিৎসকে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি স্পষ্ট কৰে বন বিভাগে।

উল্লেখ্য যে, মৃত বনৰীয়া হাতীটোৱে দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিছে।

ইফালে দ্বিজু সংৰক্ষিত বনাঞ্চলৰ পৰা বুধবাৰে বিয়লি এটা বৃহৎ বনৰীয়া হাতীৰ জাক শালনা হৈ চামগুৰিৰ নিকটৱৰ্তী নগাঁও-কাৰ্বিআংলং সীমামূৰীয়া অঞ্চললৈ অগ্ৰসৰ হৈছে বুলিও জানিবলৈ দিছে বন বিভাগৰ লোকে। তদুপৰি বনৰীয়া হাতীৰ বিৰুদ্ধে আগন্তুক দিনত ব্যাপক তৎপৰতা গ্ৰহণ কৰিব বুলি বনবিভাগে উল্লেখ কৰে।