NORTHEAST NOW (Assamese)
অসম

ভিছাৰ বাবে বিশ্ব টাইকোৱানডোত ভাগ লোৱাৰ পৰা বঞ্চিত হ’ল অসমৰ দুই প্ৰতিভাৱান টাইকোৱানডো খেলুৱৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2019 5:29 pm
rodali-750x375

গ্রেইট ব্রিটেইনৰ মানচেষ্টাৰত ১৫ মে’ৰ পৰা ১৯ মে’লৈ অনুষ্ঠিত হ’বলগীয়া বিশ্ব টাইকোৱানডো প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব লগা অসমৰ প্ৰতিভাৱান টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱা আৰু দীপিকা হাজৰিকাৰৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ আশাত চেঁচাপানী পৰে।

প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ হৈ খেলিবৰ বাবে নিৰ্বাচন কমিটীয়ে অসমৰ প্ৰতিভাৱান টাইকোৱানডো খেলুৱৈ দুগৰাকীক নিৰ্বাচিত কৰিছিল যদিও দিল্লীত থকা বৃটিছ উচ্চায়ুক্তই খেলুৱৈ দুগৰাকীক ব্ৰিটেনলৈ যাবৰ বাবে প্ৰয়োজনীয় ভিছা  নাকচ কৰাৰ ফলত খেলুৱৈ দুগৰাকীয়ে বিশ্বমানৰ প্ৰতিযোগিতাখনত অংশ লোৱাৰ পৰা বঞ্চিত হ’ব লগীয়া হয়।

বিশ্ব টাইকোৱানডো প্ৰতিযোগিতাখনত ৰ’দালিয়ে ৭৩ কেজি ঊৰ্ধ্ব শাখাত আৰু দীপিকাই ৪৬ কেজি অনূৰ্ধ্ব শাখাত ভাগ লোৱাৰ কথা আছিল। ইতিমধ্যে প্ৰতিযোগিতাখনৰ বাবে দুয়োগৰাকী খেলুৱৈয়ে বহু দিনৰ পৰা প্ৰস্তুতি চলাই আছিল।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে দুয়োগৰাকী খেলুৱৈক প্ৰতিযোগিতাখনত ভাগ লোৱাৰ বাবে ১.৭০ লাখ টকাকৈ আৰ্থিক সাহায্যও প্ৰদান কৰিছিল।