NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভাৰ সাংসদ হোৱাৰ দৌৰত “টিকট-বঞ্চিত” বিজেপি নেতা; বহুকেইজনৰ আৱেদন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 19, 2019 9:36 pm
Rajya Sabha BJP

লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত ৰাজ্যিক বিজেপিৰ বহুকেইজন নেতাই ৰাজ্যসভাৰ নিৰ্বাচনৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱাৰ মন কৰি আৱেদন কৰিছে দলৰ ওচৰত। এই বিষয়ে জনালে অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

“বহুকেইজনে ইতিমধ্যে আৱেদন জনাইছে”, আজি হেঙেৰাবাৰীৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি সভাপতি দাসৰ মন্তব্য।

অসমৰ খালী হ’ব লগীয়া আসন দুখনৰ বাবে অহা ৭ জুনত নিৰ্বাচন অনুষ্ঠিত হ’ব।  প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্য্যকাল অহা ১৪ জুনত অন্ত পৰিব।

অসম বিধানসভাত সংখ্যাগৰিষ্ঠতা থকা বিজেপিৰ হাতত দুয়োখন আসনতে নিজৰ প্ৰাৰ্থী জয়ী কৰোৱাৰ পূৰ্ণ সুযোগ আছে।

দলীয় প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে আৱেদন জনাইছে ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ ৰমেন ডেকা, কেন্দ্ৰীয় ৰাজ্যিক ৰেইল মন্ত্ৰী ৰাজেন গোহাঁই, গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি বিজয় গুপ্তা, জ্যেষ্ঠ নেতা তথা “বিজেপি বাৰ্তা”ৰ সম্পাদক দেৱদত্ত বৰকটকীৰ উপৰি আন কেইবাজনে, জনালে সভাপতি দাসে।

লগতে পঢ়ক ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা; ২১ মে’ত অধিসূচনা

নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱামতে দুয়োখন আসনৰ নিৰ্বাচনৰ বাবে অহা ২১ মে’ত অধিসূচনা জাৰি কৰা হ’ব। ২৮ মে’ত মনোনয়ন পত্ৰ দিয়াৰ অন্তিম তাৰিখ। তাৰ পিছদিনাই মনোনয়ন পত্ৰ পৰীক্ষা আৰু ৩১ মে’ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।

ইপিনে বিজেপিয়ে মিত্ৰ অগপক আসন এৰি দিয়াৰ কথা অস্বীকাৰ কৰে সভাপতি দাসে।