NORTHEAST NOW (Assamese)
অসম

ভোট গণনাক কেন্দ্ৰ কৰি হাফলঙত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2019 9:33 pm

কাইলৈ অৰ্থাৎ ২৩ মে’ৰ পুৱা ৮ বজাৰ পৰা অসমৰ ১৪ টাকৈ লোকসভা সমষ্টিত আৰম্ভ হ’ব লোকসভা নিৰ্বাচনৰ ভোট গণনা । ফলত ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী তথা প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা। ইয়াৰ সমান্তৰালভাৱে হাফলঙত হ’ব লগীয়া ভোট গণনাৰ বাবে ডিমা হাচাও জিলা প্ৰশাসনেও গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

এই সন্দৰ্ভত হাফলং জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া অমিতাভ ৰাখোৱাই নিৰাপত্তাৰ দিশত অধিক গুৰুত্ব দিয়া বুলি জনোৱাৰ লগতে কাৰ্যালয়ৰ পৰা ২০০ মিটাৰলৈকে তিনিতৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে বুলিও জানিবলৈ দিয়ে।

এই নিৰ্দিষ্টি ২০০ মিটাৰৰ ভিতৰত কোনো ধৰণৰ যান-বাহন তথা সাধাৰণ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে।