NORTHEAST NOW (Assamese)
অসম

বিজেপি, কংগ্ৰেছ অসমৰ কোন সমষ্টিত কোনে অগ্ৰগতি লাভ কৰিছে বৰ্তমানলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2019 8:56 am
election-results-live-1

বৰ্তমানলৈ হৈ যোৱা ভোট গণনা অনুসৰি অসমৰ চৈধ্যতা লোকসভা সমষ্টিৰ ভোট গণনাৰ ভিতৰত ৯ টা সমষ্টিত বিজেপি, ৩ টা সমষ্টিত কংগ্ৰেছ আৰু ১ টা সমষ্টিত অন্যান্য দলৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে। (৯ বজালৈ হোৱা ভোট গণনা মতে)

গুৱাহাটীত বিজেপি প্ৰাৰ্থী কুইন ওজাই কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাতকৈ আগবাঢ়ি আছে।

কলিয়াবৰ সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈ অগপ প্ৰাৰ্থী মনি মাধৱ মহন্ততকৈ আগবাঢ়ি আছে।

লক্ষীমপুৰত বিজেপিৰ প্ৰদান বৰুৱাই অগ্ৰগতি লাভ কৰিছে।

যোৰহাটতত কংগ্ৰেছৰ প্ৰাৰ্থী সুসান্ত বুঢ়াগোহাঁই বিজেপি প্ৰাৰ্থী তপন গগৈতকৈ আগবাঢ়ি আছে।

কোকৰাঝাৰত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া আগবাঢ়ি আছে প্ৰমীলা ৰাণী ব্ৰহ্মতকৈ।

ধুবুৰীত এ আই য়ু ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আগবাঢ়ি আছে।

শিলচৰত কংগ্ৰেছ প্ৰাথী সুস্মিতা দেৱ বৰ্মনে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।

তেজপুৰত বিজেপিৰ প্ৰাৰ্থী পল্লৱ কুমাৰ দাস কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুতকৈ আহবাঢ়ি আছে।